ইৰাণৰ হৰমুজ জলদ্বীপত নিজৰ দখল কটকটীয়া, নতুন আইন প্ৰৱৰ্তন
তেহৰাণ, ০৩ মে’ (হি.স.)। মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ইৰাণে হৰমুজ জলদ্বীপ সন্দৰ্ভত নতুন আইন প্ৰৱৰ্তনৰ বাবে প্ৰস্তুতি চলাইছে। ইৰাণৰ সংসদৰ উপাধ্যক্ষ হামিদ্ৰেজা হাজী-বাবাইয়ে ইংগিত দিছে যে প্ৰস্তাৱিত আইনখনে ইজৰাইলৰ জাহাজসমূহক এই গুৰুত্বপূৰ্ণ সা
হৰমুজ জলদ্বীপ। ফটোখন ইণ্টাৰনেট মিডিয়াৰ সৌজন্যত


তেহৰাণ, ০৩ মে’ (হি.স.)। মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ইৰাণে হৰমুজ জলদ্বীপ সন্দৰ্ভত নতুন আইন প্ৰৱৰ্তনৰ বাবে প্ৰস্তুতি চলাইছে। ইৰাণৰ সংসদৰ উপাধ্যক্ষ হামিদ্ৰেজা হাজী-বাবাইয়ে ইংগিত দিছে যে প্ৰস্তাৱিত আইনখনে ইজৰাইলৰ জাহাজসমূহক এই গুৰুত্বপূৰ্ণ সাগৰীয় পথটো অতিক্ৰম কৰাত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে।

তেওঁ কয় যে এই প্ৰস্তাৱত শত্ৰু দেশৰ পৰা অহা জাহাজৰ বাবে কঠোৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। এনে জাহাজসমূহে জলদ্বীপৰ মাজেৰে পাৰ হোৱাৰ আগতে যুদ্ধজনিত লোকচানৰ ক্ষতিপূৰণ দিব লাগিব। তদুপৰি আন দেশৰ জাহাজসমূহেও ইৰাণৰ পৰা পূৰ্বৰ অনুমতি ল’বলগীয়া হ’ব পাৰে।

হাজী-বাবাইৰ মতে যুদ্ধৰ পিছত আঞ্চলিক পৰিস্থিতি সলনি হৈছে আৰু হৰমুজ জলদ্বীপৰ মাজেৰে জাহাজ চলোৱা আৰু আগৰ দৰে নহ’ব। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলগত স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

যদিহে এই আইনখন কাৰ্যকৰী কৰা হয় তেন্তে বিশ্ব বাণিজ্য বিশেষকৈ তেল আৰু গেছ যোগানত প্ৰভাৱ পৰিব পাৰে। বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পথ বুলি গণ্য কৰা এই জলদ্বীপটোৱে বৃহৎ পৰিমাণৰ খাৰুৱা তেল পৰিবহণ কৰে।

অৱশ্যে এনে পদক্ষেপক লৈ ইতিমধ্যে আন্তৰ্জাতিক উদ্বেগ উত্থাপন হৈছে। বহু দেশৰ মতে আন্তঃৰাষ্ট্ৰীয় জলপথৰ ওপৰত একপক্ষীয় নিষেধাজ্ঞাই বিশ্বৰ সামুদ্ৰিক আইন উলংঘা কৰিব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande