
- কাটাৰৰ প্ৰধানমন্ত্ৰীৰ ইৰাণৰ বৈদেশিক মন্ত্ৰীক সংঘাত ৰোধৰ বাবে বিচক্ষণতাৰে কাম কৰিবলৈ পৰামৰ্শ
ৱাশ্বিংটন/দোহা/তেহৰাণ, ০৩ মে’ (হি.স.)। ইৰাণে আমেৰিকালৈ প্ৰেৰণ কৰিছে নতুন শান্তিৰ প্ৰস্তাৱ। ১৪ দফীয়া এই প্ৰস্তাৱটো এক ব্যাপক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই প্ৰস্তাৱ গ্ৰহণ কৰা বুলি স্বীকাৰ কৰে। শনিবাৰে পাম বিচ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰাণৱেত সাংবাদিকৰ আগত তেওঁ এই মন্তব্য কৰে । ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে ইৰাণৰ সৈতে আলোচনা সফল হ’ব বুলি তেওঁ এতিয়াও বিশ্বাস নকৰে। শান্তি প্ৰস্তাৱৰ পুংখানুপুংখভাৱে পুনৰীক্ষণ কৰিব বুলিও তেওঁ কয়। ইফালে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আমেৰিকা-ইজৰাইলৰ সামৰিক আক্ৰমণৰ পিছত হৰমুজ জলদ্বীপত সংকট গভীৰ হৈয়েই আছে। কাটাৰৰ প্ৰধানমন্ত্ৰীয়ে ইৰাণৰ বৈদেশিক মন্ত্ৰীক বিচক্ষণতাৰে কাম কৰিবলৈ পৰামৰ্শ দিছে।
চিবিএছ নিউজ, ফক্স নিউজ, আল জাজিৰা আৰু তাছনিমৰ খবৰ অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে ইৰাণে মাত্ৰ এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে। ইয়াৰ পিছতো তেওঁ বিশ্বাস নকৰে যে ইৰাণে কোনো আপোচত উপনীত হ’ব পাৰিব। ইয়াত অ-আগ্ৰাসনৰ নিশ্চয়তা, অৱৰোধ উঠাই লোৱা আৰু লেবাননকে ধৰি সকলো ফ্ৰণ্টতে যুদ্ধৰ অন্ত পেলোৱাৰ দাবী জনায়। তেওঁ কয়, মই এতিয়াও দেখা নাই। মই প্ৰস্তাৱটো পৰ্যালোচনা কৰিম। তেতিয়াহে আমাৰ স্থিতি আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমক জনোৱা হ'ব।
সাংবাদিকৰ সৈতে কথা পতাৰ কিছু সময়ৰ পাছতে ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে, মই বিশ্বাস নকৰো যে ইৰাণৰ শান্তি প্ৰস্তাৱ গ্ৰহণযোগ্য হ'ব। ইৰাণে বিগত ৪৭ বছৰত মানৱতা আৰু বিশ্বৰ ওপৰত যি কৰিছে তাৰ সম্পূৰ্ণ মূল্য এতিয়াও দিয়া নাই। তেওঁ এই প্ৰস্তাৱ এয়াৰ ফৰ্চ ৱানত পঢ়িব। তেওঁ কয় যে ইৰাণৰ সকলো ধ্বংসপ্ৰাপ্ত। ইৰাণ আপোচৰ বাবে আগ্ৰহী। তেওঁ পুনৰ কয় যে আমেৰিকাই ইৰাণৰ পৰা আঁতৰি গ’লেও বিধ্বস্ত দেশখন পুনৰ নিৰ্মাণ কৰিবলৈ ২০ বছৰ সময় লাগিব।
ট্ৰাম্পে কয়, সমস্যাটো হ'ল মই বৰ্তমান ইৰাণৰ সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য নেতা কোন সেইটো ধৰিব পৰা নাই। কেতিয়াবা এজন ব্যক্তি আগবাঢ়ি আহে, কেতিয়াবা আন এজন। এনে পৰিস্থিতিত আমেৰিকাই পুনৰ কিছুমান লক্ষ্যৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাব পৰাৰ প্ৰবল সম্ভাৱনা আছে। ইৰাণে যদি কোনো অশুভ পদক্ষেপ লয় তেন্তে তেওঁলোকৰ বাবে সেয়া অতি শোচনীয় হ’ব। ট্ৰাম্পৰ আক্ৰমণৰ মন্তব্যৰ পিছতে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে আমেৰিকাৰ সৈতে পুনৰ যুদ্ধৰ বাবে সাজু বুলি উল্লেখ কৰে।
ইফালে, ইৰাণৰ সৈতে যুদ্ধৰ অন্ত পেলাবলৈ কাম কৰা কূটনৈতিক দলটোত নিক ষ্টুৱেৰ্টে যোগদান কৰা বুলি শনিবাৰে হোৱাইট হাউছে নিশ্চিত কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত তেওঁ ষ্টেট ডিপাৰ্টমেণ্টত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এজন চোকা আৰু অভিজ্ঞ নীতি বিশেষজ্ঞ আৰু বিশেষ দূত ষ্টিভ উইটকফৰ প্ৰতিভাৱান দলৰ এজন মূল সদস্য। ইয়াৰ পূৰ্বে শনিবাৰে ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম তাছনিম নিউজে প্ৰকাশ কৰিছিল যে তেহৰানে আমেৰিকাক ১৪ দফীয়া প্ৰস্তাৱ দাখিল কৰিছে।
এই সামৰিক তীব্ৰতা বৃদ্ধিৰ বাবে উদ্বিগ্ন কাটাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান বিন জাছিম আল-থানীয়ে শনিবাৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিৰ সৈতে কথা পাতিছিল। ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত কাটাৰৰ প্ৰাকৃতিক গেছ প্লাণ্ট আৰু হামাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক লক্ষ্য কৰি দুয়োখন দেশৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ পিছত এই কথা প্ৰকাশ পাইছে।
কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, প্ৰধানমন্ত্ৰীয়ে শান্তিপূৰ্ণ উপায়েৰে সংকট সমাধানৰ লক্ষ্যৰে মধ্যস্থতাকাৰী প্ৰচেষ্টাৰ প্ৰতি কাটাৰ ৰাষ্ট্ৰই সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাটো পুনৰ দৃঢ় কৰে। তেওঁ জোৰ দিয়ে যে এই প্ৰচেষ্টাসমূহৰ প্ৰতি সকলো পক্ষই ইতিবাচক সঁহাৰি দিব লাগে, যিয়ে আলোচনাত অগ্ৰগতিৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব আৰু উত্তেজনা পুনৰ বৃদ্ধিৰ আশংকা হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰী আল-থানীয়ে কয় যে ইৰাণে বুদ্ধিমানৰূপে কাম কৰিব লাগে আৰু আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিব লাগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া