বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে ক্ষুদ্ৰ ব্যৱসায় ক্ষেত্ৰত হাঁহাকাৰ সৃষ্টি
বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে ক্ষুদ্ৰ ব্যৱসায় ক্ষেত্ৰত এক প্ৰকাৰৰ হাঁহাকাৰ সৃষ্টি হৈছে।
বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে ক্ষুদ্ৰ ব্যৱসায় ক্ষেত্ৰত হাঁহাকাৰ সৃষ্টি


বৰপেটা, ০৩ মে’ (হি.স.): বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে ক্ষুদ্ৰ ব্যৱসায় ক্ষেত্ৰত এক প্ৰকাৰৰ হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিশেষকৈ সাধাৰণ হোটেল আৰু ৰেষ্টুৰেণ্ট ব্যৱসায়ত ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে । হোটেল মালিকসকলে কৈছে যে গেছৰ মূল্য বৃদ্ধি পোৱাৰ ফলত দৈনিক খৰচ বহুত বাঢ়ি গৈছে ।

এনে অৱস্থাত খাদ্যৰ দাম বৃদ্ধি নকৰাকৈ ব্যৱসায় চলোৱা প্ৰায় অসম্ভৱ হৈ পৰিছে । কিন্তু আনহাতে, যদি খাদ্যৰ মূল্য বৃদ্ধি কৰা হয়, তেন্তে গ্ৰাহকৰ সংখ্যা কমি যোৱাৰ আশংকা থাকে । এই দুটা দিশৰ মাজত পৰি হোটেল ব্যৱসায়ীসকল গভীৰ চিন্তাত পৰিছে । বহুতে ইতিমধ্যে ব্যৱসায় বন্ধ কৰাৰ কথাও ভাবিবলৈ ধৰিছে । যদি এই অৱস্থা অব্যাহত থাকে, তেন্তে ক্ষুদ্ৰ ব্যৱসায় খণ্ডত এক ডাঙৰ সংকটৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আহি পৰাৰ সম্ভাৱনা আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande