
ধুবুৰী, ০৩ মে (হি.স.)। হাতীধুৰা আঞ্চলিক আমছুৰ উদ্যোগত তামাৰহাটত কৃতি ছাত্ৰ-ছাত্ৰীক আমছুৰ তৰফৰ পৰা সম্বৰ্ধনা। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। তামাৰহাট অঞ্চলৰ ১২০ গৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা , মানপত্ৰ, কলমৰে সম্বৰ্ধনা জ্ঞাপন কৰে আমছুৱে।
ইয়াৰে উচ্চ মাধ্যমিকৰ ৮৫ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ-ছাত্ৰী সকলে ভৱিষ্যতে ভাল নাগৰিক হোৱাৰ লগতে নিজৰ জীৱনৰ লক্ষ্যস্থানত উপনীত হোৱাৰ কাৰণে আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ