
তিনিচুকীয়া, ০৩ মে’ (হি.স.): তিনিচুকীয়া জিলাৰ ডুমডুমা জাতীয় বিদ্যালয়ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ যোৱা কালি শনিবাৰে নিশা বাৰ বজাত সংঘটিত হৈছে এই ভয়ানক অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত বিদ্য়ালয় খনৰ বিস্তৰ ক্ষতি হোৱা সম্ভাৱনা ব্য়ক্ত কৰা হৈছে ৷
অগ্নিকাণ্ডত বহু কেইটা শ্ৰেণী কোঠাৰ লগতে সমগ্ৰ বিদ্যালয়খন ব্য়াপকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ খৱৰ পোৱা গৈছে ৷ অৱশ্য়ে কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ল বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ খৱৰ পোৱাৰ পিছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছিল যদিও বহু পলম লৈকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাছিল । ইয়াকে লৈ অগ্নি নিৰ্বাপক বিভাগ বাহিনীৰ উপৰত ৰাইজৰ দ'ল সংগঠনৰ ক্ষোভ প্ৰকাশ কৰা দেখা যায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ