
দক্ষিণ শালমাৰা মানকাচৰ, ০৩মে (হি.স.)। কাইলৈ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে ভোট গণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতি সম্পন্ন কৰিছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিত ৩,১১,১৫৯ ভোটাৰৰ মুঠ ২,৯৭,৯৫০ ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।
কাইলৈ ই ভি এম ত বন্দি হোৱা মানকাচৰ সমষ্টিৰ ৬ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব যাৰ বাবে জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহন কৰিছে পূৱা ৮ বজাৰ পৰা হাটশিঙিমাৰী ছিনিয়ৰ চেকেণ্ডেৰী স্কুল ভোট গণনা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গণনা ।
ভোটগণনা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দুৰত্ব লৈকে ১৬৩ বি এন এছ ধাৰা জাৰি কৰাৰ লগতে হাটশিঙিমাৰী -মানকাচৰ সংযোগী পথৰ ক্ষেত্ৰতো জাৰি কৰিছে বিশেষ নিৰ্দেশনা।
কাইলৈ যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ শান্তিপূৰ্ণভাৱে ভাবে ভোট গণনাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় তাৰ বাবে যাবতীয়া প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ লগতে জিলা আৰক্ষী প্ৰশাসনে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু