
গুৱাহাটী, ০৩ মে’(হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যাত্ৰী সুৰক্ষা আৰু মানৱ সেবাৰ দিশত তাৰ সু-দৃঢ় দায়বদ্ধতাক পুনৰ প্ৰমাণ কৰি বিগত কেইদিনমানত এই ৰেলৱে অধীক্ষেত্ৰৰ অধীনত একাধিক সফল উদ্ধাৰ অভিযান চলায় ।
২৪ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল, ২০২৬ লৈকে ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে বিভিন্ন ৰেলৱে ষ্টেচন আৰু ৰে’লৰ পৰা বহুসংখ্যক অসহায় ব্যক্তি, বিশেষকৈ পলায়ন কৰা নাবালক আৰু বিপদাপন্ন যাত্ৰীক উদ্ধাৰ কৰে। এক গুৰুত্বপূৰ্ণ অভিযান চলাই ডিব্ৰুগড় ৰেলৱে ষ্টেচনত ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে এখন ৰে’লৰ পৰা ১২ জন নাবালক ল’ৰাক উদ্ধাৰ কৰি সঠিক তদাৰক আৰু সুৰক্ষাৰ বাবে চাইল্ডলাইন কৰ্তৃপক্ষৰ হাতত সুৰক্ষিতভাৱে অৰ্পন কৰে। একেদৰে গুৱাহাটী, লামডিং, কিষাণগঞ্জ, কোকৰাঝাৰ, হাসিমাৰা, মৰিয়নী আৰু নিউ আলিপুৰদুৱাৰ আদি ষ্টেচনতো একাধিক উদ্ধাৰ অভিযান চলাই ঘৰৰ পৰা পলায়ন কৰা কেইবাজনো নাবালক ল’ৰা-ছোৱালীক উদ্ধাৰ কৰে।
উল্লেখযোগ্য ভাৱে, মৰিয়নী ৰেলৱে ষ্টেচনত ৰেলৱে সুৰক্ষা বাহিনীয়ে ৩ গৰাকী নাবালিকা ছোৱালীক উদ্ধাৰ কৰে। আনহাতে গুৱাহাটী ৰেলৱে ষ্টেচনত যথাসময়ত গ্ৰহণ কৰা পদক্ষেপৰ বাবে উদ্ধাৰ কৰা নাবালক শিশুসকলক তেওঁলোকৰ পৰিয়ালৰ সৈতে পুনৰ মিলন কৰায়। আনহাতে কেইবাটাও পৃথক পৃথক ঘটনাত কিষাণগঞ্জ, লামডিং, ডিমাপুৰ আৰু কোকৰাঝাৰ আদি ষ্টেচনতো উদ্ধাৰ কৰা নাবালকসকলক চাইল্ড হেল্প লাইন আৰু অন্যান্য অনুমোদিত এজেন্সীৰ হাতত সুৰক্ষিত জিম্মা আৰু পুনৰ্বাসনৰ বাবে অৰ্পন কৰা হয়।
নাবালক লৰা-ছোৱালীৰ উদ্ধাৰৰ উপৰিও ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে বিপদত পৰা যাত্ৰীসকলকো তাৎক্ষণিকভাৱে সহায় আগবঢ়ায়। নিউ জলপাইগুড়ীত এজন যাত্ৰীৰ হঠাতে শ্বাস প্ৰশ্বাসত হোৱা কষ্টৰ ফলত তেওঁক তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আন এক ঘটনাত ৰায়গঞ্জ আৰু বাৰছোইত আকস্মিকভাৱে দুৰ্ঘটনাগ্ৰস্ত হোৱা যাত্ৰীসকলক সময়মতে চিকিৎসা সাহাৰ্য প্ৰদান কৰা হয় আৰু এই পদক্ষেপসমূহে ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলৰ সতৰ্কতা আৰু সঁহাৰিকে প্ৰতিফলিত কৰিছে।
ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলৰ এই অবিৰত প্ৰচেষ্টাই এই ৰেলৱেৰ সমগ্ৰ নেটৱৰ্কত যাত্ৰী সুৰক্ষা, অবৈধ মানৱ সৰবৰাহত প্ৰতিৰোধ আৰু বিপদাপন্ন যাত্ৰীৰ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকৰ সমৰ্পিত মনোভাৱকে প্ৰতিফলিত কৰিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেই এক নিৰাপদ, সুৰক্ষিত আৰু যাত্ৰী-হিতৈষী পৰিৱেশ বজায় ৰখাৰ বাবে সদায় দায়বদ্ধ আৰু সন্দেহজনক গতিবিধি দেখা পালে ৰে’ল কৰ্তৃপক্ষক তৎক্ষণাত অৱগত কৰাৰ বাবে সাধাৰণ ৰাইজক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী