
গুৱাহাটী, ০৩ মে (হি.স.)। বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই দুই কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে ধুবুৰীৰ মহম্মদ মাজুম আলী আৰু ছয়গাঁৱৰ মহম্মদ ছামান আলী বুলি জানিব পৰা গৈছে।
আজি প্ৰাপ্ত তথ্য অনুসৰি, ধৃত দুয়োজনে ২৬ এপ্ৰিলৰ নিশা বেলতলাৰ এখন জুৱেলাৰী দোকানত লুটপাত সংঘটিত কৰিছিল । দোকানখনত সংস্থাপন কৰা চিচিটিভি কেমেৰাত সম্পূৰ্ণ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈছিল, যাৰ আধাৰত আৰক্ষীয়ে তদন্ত তীব্ৰ কৰি অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীয়ে ধৃত দুয়োজনৰ পৰা ৰূপৰ অলংকাৰ আৰু চুৰিকাণ্ডত ব্যৱহৃত সামগ্ৰী জব্দ কৰিছে। ঘটনাটোৰ অধিক তদন্ত অব্যাহত আছে ।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ