বিধানসভা সমষ্টিৰ ভোটগণণাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন
৪ মে'ত হ'বলগীয়া বিধানসভা সমষ্টিৰ ভোটগণণাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন।
বিধানসভা সমষ্টিৰ ভোটগণণাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন


বিশ্বনাথ, ০৩ মে’ (হি.স.): অসম বিধানসভা নিৰ্বাচনৰ ৪ মে'ত ভোটগণণাৰ বাবে সাজু হৈছে বিশ্বনাথ জিলা প্ৰশাসন। বিশ্বনাথ জিলা অন্তৰ্গত বিশ্বনাথ, বিহালী আৰু গহপুৰ সমষ্টিৰ বাবে ভোটগণণাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন । বিশ্বনাথৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত তিনিটাকৈ ভোটগণণা কেন্দ্ৰ সাজু কৰিছে জিলা প্ৰশাসনে ।

প্ৰস্তুতি অনুসৰি ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ বাবে ১৪ খন টেবুলত ১৭ ৰাওণ্ডত ভোটগণণা কৰা হ'ব । সমান্তৰালকৈ ৭১ নং বিহালী বিধানসভা সমষ্টিৰ ১২ খন টেবুলত ১৭ ৰাওণ্ড আৰু ৭২ নং গহপুৰ বিধানসভা সমষ্টিৰ বাবে ১২ খন টেবুলত ১৯ ৰাওণ্ডত ভোটগণণা কৰা হ'ব । উল্লেখ্য যে ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ ভোটাৰ ১৮৯৩৬১ গৰাকী ভিতৰত ১৬০০৮৯ গৰাকী ভোটাৰে ভোটদান কৰে । ভোটদান কৰা ৭৮১৪৭ গৰাকী পুৰুষ আৰু ৮১৯৪২ গৰাকী মহিলা ।

ইফালে ৭১ নং বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিত ১৫৫৮৪৬ গৰাকী ভোটাৰৰ ভিতৰত ১৩১৯৯২ গৰাকী ভোটাৰে ভোটদান কৰে । ভোটদান কৰা ৬৪৪৬৯ গৰাকী পুৰুষ আৰু ৬৭৫২৩ গৰাকী মহিলা । আনহাতে ৭২ নং গহপুৰ বিধানসভা সমষ্টিত ১৭৩৪৩৭ গৰাকী ভোটাৰৰ ভিতৰত ১৪৫৭৫১ গৰাকী ভোটাৰে ভোটদান কৰে । ভোটদান কৰা ৭১২৭০ গৰাকী পুৰুষ আৰু ৭৪৪৮১ গৰাকী মহিলা ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande