কৃত্ৰিম বানত নষ্ট নগৰবেৰাৰ বিভিন্ন প্ৰান্তৰ শ শ বিঘা ধানখেতি
কৃত্ৰিম বানত নষ্ট হৈছে নগৰবেৰাৰ বিভিন্ন প্ৰান্তৰ শ শ বিঘা ধানখেতি
কৃত্ৰিম বানত নষ্ট নগৰবেৰাৰ বিভিন্ন প্ৰান্তৰ শ শ বিঘা ধানখেতি


বৰপেটা, ০৩ মে’ (হি.স.): কৃত্ৰিম বানত নষ্ট হৈছে নগৰবেৰাৰ বিভিন্ন প্ৰান্তৰ শ শ বিঘা ধানখেতি। যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দেউশিলা আৰু কৰ্নৈ নদীৰ জলস্তৰ হঠাৎ ব্যাপকভাৱে বৃদ্ধি পোৱাত নষ্ট হৈছে বৰো আৰু ইৰিধানৰ খেতি।

জানিব পৰা মতে কৃত্ৰিম বানত নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত পিজুপাৰা, জামলাই, বিদ্যানগৰ, নাইটৰ, কল্যাণপুৰ, পলাহৰটাৰী, খামেৰী, হেকৰা আদি অঞ্চলৰ শ শ বিঘা ধানখেতি পানীত ডুব গৈ নষ্ট হৈছে। একাংশ কৃষকে কেচা ধান কাটিছে যদিও প্ৰতিকুল বতৰৰ বাবে সেইখিনিও মৰণা মাৰিব পৰা নাই। আৱতৰীয়া বানত নগৰবেৰাৰ বিভিন্ন অঞ্চলৰ কেইবাশ বিঘা মাটিৰ ধানখেতি নষ্ট হোৱাত মূৰে কঁপালে হাত দিব লগীয়া হৈছে কৃষকসকলে। আনহাতে শীঘ্ৰে ক্ষয়-ক্ষতিৰ বুজ লৈ ক্ষতিগ্ৰস্ত কৃষকসকলক তাৎক্ষণিকভাৱে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ কৃষি বিভাগক দাবী জনাইছে ভুক্তভোগী কৃষকসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande