বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে ঘোং, বাঘৰ সংখ্যা
বাক্সা, ২৯ মে’ (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বনৰীয়া জন্তু ঘোং আৰু বাঘৰ সংখ্যা। উদ্য়ানখনত ঘোঙ আৰু বাঘৰ বিচৰণে আমোদ দিছে দেশী- বিদেশী পৰ্যটক সকলক। একেদৰে ভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিয়েও আমোদ প্ৰদান কৰিছে প
বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে ঘোং, বাঘৰ সংখ্যা


বাক্সা, ২৯ মে’ (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বনৰীয়া জন্তু ঘোং আৰু বাঘৰ সংখ্যা। উদ্য়ানখনত ঘোঙ আৰু বাঘৰ বিচৰণে আমোদ দিছে দেশী- বিদেশী পৰ্যটক সকলক।

একেদৰে ভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিয়েও আমোদ প্ৰদান কৰিছে পৰ্যটক সকলক। পৰ্যটক সকলে এই দৃশ্য প্ৰত্যক্ষ কৰে মানাহৰ বাঁহবাৰী ৰেঞ্জত।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘোং, বাঘ, চৰাই চিৰিকটি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মানাহৰ টুৰিষ্ট গাইড অসম গৌৰৱ বঁটা প্ৰাপক ৰুস্তম বসুমতাৰীয়ে।

ইফালে মানাহৰ টুৰিষ্ট গাইড সুৰোজ উড়িয়াৰ কেমেৰাত বন্দী হোৱা দুটাকৈ প্ৰকাণ্ড ঘোঙৰ বিচৰণে আমোদ দিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা কেবাটাও পৰ্যটকৰ দলক।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande