
শ্ৰীভূমি, ২৯ মে (হি.স.)। মন্দিৰৰ দানপাত্ৰত ৰখা হ’ল গোমাংসৰ বৰ্জিত সামগ্ৰী। উক্ত ঘটনাক কেন্দ্ৰ কৰি শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰৰ মদনপুৰ গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৰুৰ মূৰৰ টুকুৰাসহ আন বৰ্জিত সামগ্ৰী উদ্ধাৰ কৰে। অঞ্চলটোত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ উদ্দেশ্যে কোনে উক্ত ঘটনা সংঘটিত কৰিছে, ইয়াক কেন্দ্ৰ কৰি শ্ৰীভূমি আৰক্ষীয়ে ব্যাপক তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু