বোকাখাটত প্ৰহসনত পৰিনত এটা পানী যোগান আঁচনি
গোলাঘাট, ২৯ মে (হি.স.)। বোকাখাটত প্ৰহসনত পৰিনত এটা পানী যোগান আঁচনি।আছে বৃহৎ বৃহৎ পানী টেংকী কিন্তু নাই খোৱা পানী। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বোকাখাত পানবাৰী আদৰ্শ গাঁও ৰ একাংশ ৰাইজে। বোকাখাতৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী
বোকাখাটত প্ৰহসনত পৰিনত এটা পানী যোগান আঁচনি


গোলাঘাট, ২৯ মে (হি.স.)। বোকাখাটত প্ৰহসনত পৰিনত এটা পানী যোগান আঁচনি।আছে বৃহৎ বৃহৎ পানী টেংকী কিন্তু নাই খোৱা পানী। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বোকাখাত পানবাৰী আদৰ্শ গাঁও ৰ একাংশ ৰাইজে। বোকাখাতৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰ্তমান ঘোৰ নিদ্ৰাত। কাকুতি মিনতি কৰিলেও সাৰ নাপাই বিভাগটোৱে।

২০২১ চনত স্থাপন হোৱা এই বিশুদ্ধ খোৱা পানীৰ যোগান আঁচনিটো শুভ উদ্বোধন কৰিছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই। কিছুদিন আঁচনিটো সুকলমে চলি থকা পিছত এজোপা গছ পৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছিল পানী যোগান আঁচনি প্ৰকল্পৰ সৈতে। ৰাইজে অনুনয় বিনয় কৰি পুনৰ বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰে যদিও আজি প্ৰায় দুটা বছৰ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্লিপ্ততা বাবে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে পানবাৰী আদৰ্শ গাঁওৰ ৰাইজ। আজিকোপতি সংযোগ দিয়া নাই বিদ্যুৎৰ।ইতিমধ্যে খোৱা পানী মজুত ৰখা টেংকীত গজিছে শেলাই, উদ্ভিদ।অতি শীঘ্ৰে গাঁৱৰ ৰাইজে পানী যোগান প্ৰকল্পটো পুনৰ কাৰ্যক্ষম কৰিবলৈ দাবী জনালে বিভাগীয় কৰ্তৃপক্ষক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande