উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাৰ বেতোৱা নদীৰ ওপৰত নিৰ্মাণৰত দলং ভাঙি ৬ জন শ্ৰমিকৰ মৃত্যু
হামিৰপুৰ, ২৯ মে’(হি.স.)। উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাৰ বেতোৱা নদীৰ ওপৰত নিৰ্মাণৰত এখন দলং প্ৰচণ্ড ধুমুহাৰ ফলত স্লেব আৰু শ্বাটাৰিঙৰ সৈতে ভাঙি পৰাত ছয় শ্ৰমিক নিহত হয়। ইফালে আন কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এই তথ্য লাভ কৰ
निर्माणाधीन बेतवा पुल


হামিৰপুৰ, ২৯ মে’(হি.স.)। উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাৰ বেতোৱা নদীৰ ওপৰত নিৰ্মাণৰত এখন দলং প্ৰচণ্ড ধুমুহাৰ ফলত স্লেব আৰু শ্বাটাৰিঙৰ সৈতে ভাঙি পৰাত ছয় শ্ৰমিক নিহত হয়। ইফালে আন কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এই তথ্য লাভ কৰাৰ লগে লগে প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয়।

লালপুৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাকেশ সৰোজে জনোৱা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৩ বজাত প্ৰচণ্ড ধুমুহাৰ সময়ত দলংখনৰ স্লেব আৰু শ্বাটাৰিঙকে ধৰি এটা অংশ ভাঙি বাণ্ডাৰ বাসিন্দা লোকেন্দ্ৰ, কুলদীপ, সাৱন্ত যাদৱ, স্বাছা লালপুৰা, পুষ্পেন্দ্ৰ সিং আৰু ৰাজেশ পালৰ মৃত্যু হয়। তদুপৰি অৱধেশ, কল্লু, ৰাজেশকো ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰিছিল। তেওঁলোকক উদ্ধাৰৰ বাবে এছডিআৰএফৰ দলটোৱে উদ্ধাৰ অভিযান চলাই আছে।

তথ্য অনুসৰি, দুবছৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ বাবুৰাম নিষাদৰ উদ্যোগত লালপুৰাৰ মোৰকন্দৰ আৰু কুৰাৰাৰ কান্দোৰৰ মাজত নতুন দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল, আৰু কেইবা কোটি টকা মুকলি কৰি দিয়া হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande