
ধুবুৰী, ২৯ মে (হি.স.)। ধুবুৰীত যন্ত্ৰচালিত যাত্ৰীবাহী নাওঁত উদ্ধাৰ নিষিদ্ধ গো-মাংস। যাত্ৰীবাহী নাওঁ কৰ্মচাৰী দুজন লোকক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে।
ধৃত আটকাধীন যাত্ৰীবাহী নাওঁ কৰ্মচাৰী হৈছে আব্দুল মজিদ সৰকাৰ আৰু আবুল হুছেইন বুলি জানিব পৰা গৈছে। ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছে গো-মাংস খিনি। জলেশ্বৰৰ পৰা ধুবুৰী অভিমুখী যন্ত্ৰচালিত যাত্ৰীবাহী নাওঁত প্ৰায় ২৯ কেজি গো-মাংস জব্দ কৰে আৰক্ষীয়ে।
ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলায়। ৰাতিপুৱা জলেশ্বৰৰ পৰা ধুবুৰী কাছাৰী ঘাটত আহি পোৱাৰ লগে লগে যন্ত্ৰচালিত যাত্ৰীবাহী নাওঁত আৰক্ষীৰ তালাচীত ২৯ কেজি গো-মাংস জব্দ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে।
নিষিদ্ধ গো-মাংসৰ গৰাকী সকলে গো-মাংসৰ টোপোলা এৰি পলাই পতং দিয়ে। ইতিমধ্যে নাওঁ কৰ্মচাৰী দুজন আটক কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু