
চিৰাঙ, ২৯ মে (হি.স.)। চিৰাঙৰ বিজনীৰ ২ নং দংশিয়াপাৰাৰ কুকলুং বজাৰত শুকুৰবাৰে নিশা ৩ বজাত এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় ।
অগ্নিকাণ্ডটোৰ ফলত বজাৰ খনৰ ৩ খনকৈ দোকানৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।
বজাৰ খনৰ চক্ৰেটিছ বৰ্মনৰ গেলামাল, হানিফ মোল্লাৰ চাইকেল মেৰামতি আৰু ছমেশ আলীৰ চাহ দোকানৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।
পাছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য বিজনী মহাবিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ ষষ্ঠ সান্মাষিকৰ ছাত্ৰ চক্ৰেটিছ বৰ্মনে অধ্যয়নৰ সমান্তৰালভাৱে গেলামাল দোকান চলাই গৈছে।
সৰুৰে পৰা শাক-পাচলিৰ ব্যৱসায় কৰি বহু কষ্টৰ বিনিময়ত চক্ৰেটিছ বৰ্মনে গেলামাল দোকান খন গঢ়ি তুলিছিল।
অগ্নিকাণ্ডৰ ফলত চক্ৰেটিছ বৰ্মনৰ ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা