আৰক্ষীৰ তৎপৰতাৰ পাছতো দেৰগাঁৱত অব্য়াহত চোৰৰ সন্ত্ৰাস
আৰক্ষীৰ তৎপৰতাৰ পাছতো চোৰৰ সন্ত্ৰাস কমা নাই দেৰগাঁৱত।
আৰক্ষীৰ তৎপৰতাৰ পাছতো দেৰগাঁৱত অব্য়াহত চোৰৰ সন্ত্ৰাস


গোলাঘাট, ২৯ মে (হি.স.): আৰক্ষীৰ তৎপৰতাৰ পাছতো চোৰৰ সন্ত্ৰাস কমা নাই দেৰগাঁৱত । এইবাৰ চোৰৰ লক্ষ্য হৈ পৰে দুচকীয়া বাহন চাইকেল । বৃহস্পতিবাৰ সন্ধিয়া দেৰগাঁৱৰ মিলনপুৰত ৰাইজে খেদি খেদি ধৰে এটা চাইকেল চোৰক ।

জানিব পৰামতে, দেৰগাঁৱৰ হাজৰিকা গেছ এজেঞ্চিৰ সন্মুখত পার্ক কৰি থোৱা এখন চাইকেল লৈ উধাও হৈছিল চোৰটো । ইফালে চাইকেলৰ গৰাকীয়ে চাইকেল খন নেদেখি হুলস্থুল লগায় । ইয়াৰ পিছতে সেই স্থানত থকা ৰাইজৰ সহায়ত খেদি খেদি ধৰে মুকুল বৰা নামৰ চোৰটোক । অৱশেষত চোৰটোক উত্তম মধ্য়ম সোধাই দেৰগাঁও আৰক্ষীক গতাই দিয়া হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande