
তামুলপুৰ, ২৯ মে (হি.স.)। তামুলপুৰৰ নাগ্ৰিজুলীৰ ভূটান সীমান্তৰ খৰাং খেতিপথাৰত পানীৰ বৃহৎ সকাহ দিয়াত প্ৰস্তুতি।আইআইটি গুৱাহাটীৰ বিশেষজ্ঞ দলেৰে বিটিচি ৰ ইএম ভজন দাসৰ নেতৃত্বত বগামাটিৰ দুৰ্গম পাহাৰত প্ৰাৰম্ভিক দিশ পৰ্যবেক্ষণ। দশকৰ পিছত দশক খৰাঙৰ কবলত জুৰুলা হৈ থকা তামুলপুৰৰ নাগ্ৰিজুলীৰ ভাৰত-ভূটান সীমান্তৰ কৃষকৰ খেতিপথাৰলৈ অৱশেষত বৰনদীৰ পানীৰে সকাহ দিয়াৰ আশা কঢ়িয়াই সীমান্তৰ ৪০ খনতকৈও অধিক গাঁৱৰ সহস্ৰাধিক কৃষিজীৱী ৰাইজক পানীৰ স্থায়ী সকাহ দিয়াৰ লক্ষ্যৰে বগামাটিৰ পৰা পশ্চিমীয়া অঞ্চলত অৰ্ধনিৰ্মিত, মৃতপ্ৰায় কেনেলটোক এক অত্যাধুনিক বৈজ্ঞানিক জলসিঞ্চন প্ৰকল্পলৈ ৰূপান্তৰৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ওৰফে ভজন দাসৰ নেতৃত্বত আজি আইআইটি গুৱাহাটীৰ এক উচ্চস্তৰীয় বিশেষজ্ঞ দলে ভূটান সীমান্তৰ বগামাটিৰ দুৰ্গম পাহাৰীয়া অঞ্চলত কেইবা কিলোমিটাৰ জুৰি প্ৰাৰম্ভিক পৰ্যবেক্ষণ আৰু কাৰিকৰী সমীক্ষাৰ আৰম্ভ। পৰিদৰ্শন কালছোৱাত কাৰ্যবাহী সদস্য গৰাকীয়ে জনায় যে বৰনদীৰ বুকুৰ পৰা পশ্চিমীয়া গাঁও অঞ্চললৈ পানী নিয়াৰ বাবে বৈজ্ঞানিক কেনেল স্থাপন বাবে এয়া প্ৰথম ঢাপ। অতি শীঘ্ৰেই দ্ৰোণ ছাৰ্ভে, জিআইএছ মেপিং আৰু আধুনিক প্ৰযুক্তিৰে পুনৰুজ্জীৱিত কৰাৰ নীল-নক্সা প্ৰস্তুতৰ বাবেই এই অভিযান চলোৱা হৈছে। পাহাৰীয়া ভূ-প্ৰকৃতিৰ প্ৰত্যাহ্বান নেওচি বৈজ্ঞানিকভাৱে এই কেনেল নিৰ্মাণৰ কাৰিকৰী দিশৰ এয়া প্ৰাথমিক অধ্যয়ন।অতি শীঘ্ৰেই দ্ৰোণ ছাৰ্ভেৰে সমগ্ৰ প্ৰকল্পৰ বিতং ডিপিআৰ প্ৰস্তুত কৰা হ’ব।
এইটো কেৱল কেনেল নহয়, সীমান্তৰ কৃষকৰ বাবে হব এক জীৱনৰেখা। প্ৰাথমিক প্ৰাক্কলন অনুসৰি আনুমানিক ডেৰশ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটোত কেৱল পাহাৰীয়া বাধাই নহয় দুখন সোঁতস্বিনী নদীৰ ওপৰত উচ্চ প্ৰযুক্তিৰ একুৱাডাক্ট অৰ্থাৎ বৈজ্ঞানিক নাওধাৰাও নিৰ্মাণ কৰিব লাগিব। পাঞ্জাৱ, হাৰিয়ানা, অন্ধ্ৰ প্ৰদেশৰ দৰে জলসিঞ্চনত অগ্ৰণী ৰাজ্যৰ আৰ্হিত নিৰ্মাণ হ’বলগীয়া এই কেনেলে এবাৰতে ৪০ খনতকৈও অধিক গাঁৱৰ খেতিপথাৰলৈ বাৰিষা-খৰালি উভয় বতৰতে পানী যোগান ধৰিব।
এই সন্দৰ্ভত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ সৈতেও ধাৰাবাহিক উচ্চ পৰ্যায়ৰ আলোচনা অব্যাহত আছে। আইআইটি গুৱাহাটীৰ বিশেষজ্ঞ দলে প্ৰস্তুত কৰিবলগীয়া নক্সাৰ ভিত্তিতেই পৰৱৰ্তী সময়ত বিটিচি তথা অসম চৰকাৰৰ দ্বাৰা কামবোৰ আগবাঢ়ি যাব।
ইপিনে,কাৰ্যবাহী সদস্য গৰাকীৰ এই যুগান্তকাৰী পদক্ষেপক আদৰণি জনাই সীমান্তৰ কৃষক ৰাইজে মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰি সীমান্তত নতুন অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব। উন্নত শস্যৰ জৰিয়তে কৃষকে বজাৰকেন্দ্ৰিক মুনাফা লাভ কৰি স্বাৱলম্বী হ’ব পাৰিব আশাবাদী হৈ উঠিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ