ফিফা বিশ্বকাপ ২০২৬ৰ বাবে আৰ্জেণ্টিনাৰ দল ঘোষণা, লিয়নেল মেছিৰ ওপৰত নজৰ
বুয়েনছ আয়াৰ্ছ, ২৯ মে’ (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ২৬ জনীয়া দল ঘোষণা কৰিছে। মুখ্য প্ৰশিক্ষক লিয়নেল স্কাল’নীয়েও প্ৰবীণ তাৰকা লিয়নেল মেছিক দলত অন্তৰ্ভুক্ত কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা ১১ জুনত আমেৰিকা
लियोनेल मेसी


বুয়েনছ আয়াৰ্ছ, ২৯ মে’ (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ২৬ জনীয়া দল ঘোষণা কৰিছে। মুখ্য প্ৰশিক্ষক লিয়নেল স্কাল’নীয়েও প্ৰবীণ তাৰকা লিয়নেল মেছিক দলত অন্তৰ্ভুক্ত কৰিছে।

বিশ্বকাপ ফুটবল প্ৰতিযোগিতা ১১ জুনত আমেৰিকা, কানাডা, মেক্সিকোত আৰম্ভ হ’ব । প্ৰস্তুতিৰ অংশ হিচাপে আৰ্জেণ্টিনাই ৬ জুনত হণ্ডুৰাছ আৰু ৯ জুনত আইচলেণ্ডৰ বিৰুদ্ধে প্ৰীতি মেচ খেলিব। তাৰ পিছত দলটোৱে কানছাছ চিটিৰ বেছ কেম্পলৈ উভতি যাব।

আৰ্জেণ্টিনাক গ্ৰুপ জেত স্থান দিয়া হৈছে।১৬ জুনত আলজেৰিয়াৰ বিৰুদ্ধে দলটোৱে অভিযান আৰম্ভ কৰিব। তাৰ পিছত অষ্ট্ৰিয়া আৰু জৰ্ডানৰ বিৰুদ্ধে খেলিব।

ফিফা বিশ্বকাপ ২০২৬ৰ বাবে আৰ্জেণ্টিনাৰ দল

গ’লৰক্ষক : এমিলিয়ানো মাৰ্টিনেজ, জেৰ’নিমো ৰুলি, জুয়ান মুছ’।

ডিফেণ্ডাৰ : লিয়াণ্ড্ৰ’ বালেৰ্ডি, নিকোলাছ টাগ্লিয়াফিকো, গনজালো মণ্টিয়েল, লিছাণ্ড্ৰ’ মাৰ্টিনেজ, ক্রিষ্টিয়ান ৰোমেৰো, নিকোলাছ অটামেণ্ডি, ফাকুণ্ডো মেডিনা, নাহুৱেল মলিনা।

মিডফিল্ডাৰ : লিয়াণ্ড্ৰ’ পেৰেডেছ, ৰড্ৰিগো ডি পল, ভেলেণ্টিন বাৰ্কো, জিওভানি লো চেলছ’, এক্সেকুৱেল পালাচিঅ’ছ, এলেক্সিছ মেক এলিষ্টাৰ, এনজো ফাৰ্নাণ্ডেজ।

ফৰৱাৰ্ড : জুলিয়ান আলভাৰেজ, লিয়নেল মেছি, নিকোলাছ গনজালেজ, থিয়াগো আলমাডা, জিউলিয়ানো চিমিওনে, নিকো পাজ, লাউটাৰো মাৰ্টিনেজ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande