জেমিমা আৰু য়াস্তিকাৰ বিস্ফোৰক ইনিংছৰ ফলত ভাৰতৰ চমকপ্ৰদ জয়, প্ৰথম টি-২০ত ইংলেণ্ডক ৩৮ ৰাণত পৰাস্ত
চেলমছফৰ্ড, ২৯ মে’ (হি.স.): বেটিং আৰু বলিং দুয়োটাতে সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথম টি-২০ত ইংলেণ্ডক ৩৮ ৰানত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। আৰম্ভণিতে হোৱা বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰি ভাৰতে ২০ অভাৰত ৭ উইক
विकेट लेने के बाद खुशी मनाती भारतीय खिलाड़ी


চেলমছফৰ্ড, ২৯ মে’ (হি.স.): বেটিং আৰু বলিং দুয়োটাতে সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথম টি-২০ত ইংলেণ্ডক ৩৮ ৰানত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। আৰম্ভণিতে হোৱা বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰি ভাৰতে ২০ অভাৰত ৭ উইকেটত ১৮৮ ৰান সংগ্ৰহ কৰাৰ পিছত ইংলেণ্ডক ৮ উইকেটত ১৫০ ৰানত সীমাবদ্ধ কৰে।

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলে খেলপথাৰত নমা ভাৰতীয় দলটোৱে বিপৰ্যয়জনক আৰম্ভণি কৰিছিল। ইংলেণ্ডৰ বেগী বলাৰ লৰেন বেলে প্ৰথম অভাৰতে ভাৰপ্ৰাপ্ত অধিনায়ক স্মৃতি মান্ধানা আৰু শ্বেফালী বৰ্মাক আউট কৰি ভাৰতক ডাঙৰ আঘাত দিয়ে।

অৱশ্যে ইয়াৰ পাছতে য়াস্তিকা ভাটিয়া আৰু জেমিমা ৰড্ৰিগেছে আগ্ৰাসী বেটিঙেৰে ইনিংছ স্থিৰ কৰে। ইংলেণ্ডৰ বলাৰ ইজি ৱঙৰ এটা অভাৰে ভাৰতৰ বাবে মেচৰ ৰূপ সলনি হিচাপে প্ৰমাণ কৰি ২৭ ৰান সংগ্ৰহ কৰে। য়াস্তিকাই এক সুন্দৰ অৰ্ধশতক সংগ্ৰহ কৰাৰ বিপৰীতে জেমিমাই আক্ৰমণাত্মকভাৱে বেটিং কৰি চমৎকাৰ ৬৯ ৰান সংগ্ৰহ কৰে।

দুয়োগৰাকী বেটছমেনৰ শতকীয় অংশীদাৰিত্বই ভাৰতক এক শক্তিশালী স্থানত ৰাখিলে। যদিও ১৪ অভাৰত দুয়োজনে দ্ৰুতগতিত একেৰাহে আউট হোৱাৰ পিছত ইংলেণ্ডে প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল, তথাপিও দীপ্তী শৰ্মাৰ উপযোগী কেমিঅ’ই ভাৰতক ১৮৮ ৰান সংগ্ৰহ কৰাত সহায় কৰিছিল।

ইফালে ১৮৯ ৰানৰ লক্ষ্য খেদি ইংলেণ্ডৰ আৰম্ভণিও দুৰ্বল আছিল। ক্ৰান্তি গৌড় আৰু অৰুন্ধতী ৰেড্ডীয়ে সুন্দৰ বলিং কৰি আগতীয়াকৈ আঘাত কৰে। পাৱাৰপ্লে’ত ইংলেণ্ডে মাত্ৰ ৪৩ ৰানহে সংগ্ৰহ কৰে।

এমি জ’নে দৃঢ়তাৰে বেটিং কৰিছিল, ৩২টা বলত অৰ্ধশতক অৰ্জন কৰিছিল আৰু হিথাৰ নাইটৰ সৈতে অংশীদাৰিত্বৰে ইংলেণ্ডক মেচখনত ৰাখিবলৈ চেষ্টা কৰিছিল। অৱশ্যে ভাৰতীয় বলাৰসকলে অদম্যভাৱে চাপ বজাই ৰাখিছিল।

শ্ৰী চৰণীয়ে গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব ভংগ কৰাৰ বিপৰীতে নন্দিনী শৰ্মাই একেৰাহে বলত উইকেট দখল কৰি ইংলেণ্ডৰ আশাক স্তব্ধ কৰি পেলায়। ইংলেণ্ডে অন্তিম পাঁচ অভাৰত মাত্ৰ ৩০ ৰান সংযোজন কৰিব পাৰিছিল, আৰু ভাৰতে সহজেই মেচখন জয়ী হৈছিল।

চমু স্ক'ৰ:

ভাৰতঃ ২০ অভাৰত ১৮৮/৭, জেমিমা ৰড্ৰিগেছ ৬৯, য়াষ্টিকা ভাটিয়া ৫৪, লৰেন বেলে ৩/৩৪

ইংলেণ্ডঃ ২০ অভাৰত ১৫০/৮, এমি জ’নছ ৬৭, নন্দিনী শৰ্মা ৩/৩৪, ক্ৰান্তি গৌড় ২/২৪

ভাৰতে ৩৮ ৰানত জয়লাভ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande