হোজাইত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস
হোজাইত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস।
হোজাইত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস


হোজাই, ২৯ মে‘ (হি.স.): হোজাইত যোৱা কালি বৃহস্পতিবাৰে আবেলি উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। হোজাইৰ গীতাশ্ৰমত উপস্থিত হয় অসম চৰকাৰৰ বিধানসভাৰ নৱ নিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ।

হোজাইৰ গীতাশ্ৰমত উপস্থিত হৈ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অসম প্ৰান্তৰ প্ৰথম কাৰ্যকৰ্তা বিকাশ বৰ্গত অংশগ্ৰহণ কৰে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে । ইফালে বিধানসভাৰ সচিব দুলাল পেগুক অপসাৰণ কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগতো মন্তব্য কৰে ৰঞ্জিত দাসে । তেওঁ কয় যে যিহেতু চৰকাৰী বিষয়াক দুবছৰতকৈ অধিক কাৰ্যকাল বৃদ্ধি কৰিব নোৱাৰি সেয়ে অব্যাহতি দিয়া হৈছে পেগুক । পৰৱৰ্তী বিষয়াসকলৰ পদোন্নতি বিষয় জড়িত থাকে, সেয়ে পিছৰ গৰাকীকো সুবিধা দিব লাগিব, সেয়ে সচিব দুলাল পেগুক অপসাৰণ কৰা হৈছে বুলি মন্তব্য কৰে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande