

নতুন দিল্লী, ২৯ মে’ (হি.স.)। কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই শুকুৰবাৰে দিল্লীত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয়।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত সিদ্ধাৰমাইয়াই লিখিছে, আজি দিল্লীত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ সৈতে সাক্ষাৎ কৰি কথা পাতিলোঁ। কৰ্ণাটকৰ শক্তি মন্ত্ৰী কে জে জৰ্জ, কৰ্ণাটক গ্ৰামোন্নয়ন আৰু পঞ্চায়ত ৰাজ মন্ত্ৰী প্ৰিয়ংক খৰ্গে আৰু ড° যতীন্দ্ৰ সিদ্ধাৰমাইয়াও এই অনুষ্ঠানত উপস্থিত আছিল।
ইফালে খৰ্গেয়ে ছচিয়েল মিডিয়াতো লিখিছে, সিদ্ধাৰমাইয়াৰ ৰাজহুৱা জীৱনত সদায় মৰ্যাদা, মমতা আৰু সামাজিক ন্যায়ৰ প্ৰতি গভীৰ দায়বদ্ধতা প্ৰতিফলিত হৈ আহিছে। নম্ৰ আৰম্ভণিৰ পৰা কৰ্ণাটকৰ দুবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰালৈকে তেওঁ সমতা, সম্প্ৰীতি, আৰু অভাৱগ্ৰস্ত লোকৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাত অটল আছিল।
জনসাধাৰণৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে কৰ্ণাটক আৰু কংগ্ৰেছ তেওঁৰ প্ৰতি কৃতজ্ঞ। জীৱন আমি তেওঁৰ সুস্বাস্থ্য কামনা কৰিছো আৰু জনসাধাৰণৰ সেৱাৰ বাবে তেওঁৰ অবিৰত প্ৰচেষ্টাৰ বাবে আমাৰ শুভেচ্ছা জনাইছো।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই পদত্যাগ কৰে। কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচন্দ গেহলটে শুকুৰবাৰে মানি লয় সিদ্দাৰমাইয়াৰ পদত্যাগৰ। ৰাজ্যত বিকল্প ব্যৱস্থা নোলোৱালৈকে ছিদ্দাৰমৈয়াক ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে অব্যাহত ৰাখিবলৈ কয় ৰাজ্যপালগৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া