
হাইলাকান্দি, ২৯ মে (হি.স.)। হাইলাকান্দিত এক শোকাবহ ঘটনা সংঘটিত হৈছে যোৱানিশা।এটা নালাৰ পৰা ফুটবল তুলিবলৈ গৈ সলিল সমাধি ঘটে দুই কিশোৰৰ।এই শোকাবহ ঘটনা হৈছে হাইলাকান্দি জিলাৰ চিপসাংগন প্ৰ্থ্ম খণ্ডত। আবেলি চিপসাংগন গাঁওৰ এটা খেল পথাৰত গাঁওৰ শিশু সকলে মিলি প্ৰ্তিদিনা ফুটবল খেলি থাকে প্ৰতিদিনাৰ ধৰে আজিও ফুটবল খেলিআছিল ।
সকলো বন্ধু মিলি ফুটবল খেলি থকাৰ সময়ত খেল পথাৰৰ সম্মুখত থকা এটা নালাত ফুটবল পৰি যায় আৰু তেতিয়া অৰুপম সিনহা নামৰ ১৫ বছৰিয়া কিশোৰজন ফুটবল তুলিবলৈ গৈছিল যদিও নালাত পানী বেছি থকাৰ বাবে ডুবি যায় তেতিয়া অভিনব সিনহা নামৰ ১৩ বছৰীয়া কিশোৰজন বন্ধুক বছাবৰ কাৰনে গৈছিল যদিও তেও নালাত গভীৰ পানী থকাৰ বাবে ডুবি যায়।পিছত খেল পথাৰত থকা শিশু সকলে চিঞৰ বাখৰ আৰম্ভ কৰে তেতিয়া গাঁওৰ লোক সকল ওলাই আহি নালাৰ পৰা দুইজন কিশোৰক উদ্ধাৰ কৰি হাইলাকান্দি সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত লৈ আহে যদিও কৰ্ত্যবৰত চিকিৎসকে শিশু দুটিক মৃতবুলি ঘোষনা কৰে। পিছত মৰণত্ত পৰীক্ষাৰ বাবে হাইলাকান্দি সন্তোষ কুমাৰ ৰায় চিকিৎসলায়ত ৰখা হয়। এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ