
কামৰূপ, ২৯মে (হি.স.)। ৰঙিয়াৰ কৰৰা গড়ৰ ভিতৰত যোৱা নিশা স্থানীয় যুৱক এজনে পথৰ দাঁতিৰ উন্মুক্ত দ পুখুৰীত পৰি অকাল মৃত্যুক সাৱটি লোৱা হৃদয় বিদাৰক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। মৃত যুৱকজনক বিছেন্নালা গাঁৱৰ দক্ষিণতোলা চুবুৰীৰ তপন কলিতা বুলি চিনাক্ত কৰা হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি যোৱা নিশা প্ৰায় ১০.৩০ বজাত নিজৰ মটৰ চাইকেলেৰে উক্ত পথটোৰে ঘৰমুৱা হৈছিল তপন কলিতাই ।পথৰ দাঁতিতে লাগি থকা দ পুখুৰীটোত নিয়ন্ত্ৰণ হেৰুৱাই আকস্মিকভাবে চলন্ত বাইকৰ সৈতে পৰি সলিল সমাধি ঘটে তপন কলিতাৰ ।
লগে লগে স্থানীয় ৰাইজে ঘটনাৰ সম্ভেদ লাভ কৰি যুৱক জনৰ মৃতদেহটো উদ্ধাৰ কৰে। প্ৰায় ১০ ফুট দ পুখুৰীটোৰ গাৰ্ড ৱাল, ফেঞ্চিং থকাৰ বিপৰীতে সম্পূৰ্ণ উন্মুক্ত হৈ থকাত
পুখুৰীটোৰ গৰাকী নৃপেন কলিতাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে স্থানীয় ৰাইজ। ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত নৃপেন কলিতাকো আটক কৰে।
আজি দিনৰ ভাগত অভিযানকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ বাইকখনো উদ্ধাৰ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি দুৰ্ভগীয়া তপন কলিতাৰ বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰে । দিন হাজিৰা কৰি পোহপাল দিয়া মৃত তপন কলিতাৰ পত্নী আৰু দুই সন্তানৰ ভৰণপোষনৰ দায়িত্ব লোৱাৰ লগতে অভিযুক্ত নৃপেন কলিতাৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী ৰাইজে উত্থাপন কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা