চামগুৰিৰ ৰঙাগড়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা
চামগুৰিৰ ৰঙাগড়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
চামগুৰিৰ ৰঙাগড়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা


নগাঁও, ২৯ মে’ (হি.স.): ঈদৰ আনন্দৰ মাজতে যোৱা কালি বৃহস্পতিবাৰে বিয়লি চামগুৰিৰ ৰঙাগড়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন চাৰিচকীয়া বাহন আৰু এখন বাইকৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ।

জানিব পৰামতে, ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা অৱস্থাত এএছ ০২ এক্স ৯৫২২ নম্বৰৰ এখন বাহনে তীব্ৰ বেগেৰে খুন্দা মাৰে। বাহনখনৰ খুন্দাত বাইক আৰোহীজন বাইকসহ চাৰিচকীয়া বাহনখনৰ তলত সোমাই পৰে আৰু বহু সময় ধৰি তাতেই আবদ্ধ হৈ থাকে।দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্য বন্দী হৈছে ওচৰতে থকা চিচিটিভি কেমেৰাত। এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। পাছত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত ব্যক্তিজনক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতাল (এনএমচিএইচ)লৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande