বিলাসীপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা
বিলাসীপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
বিলাসীপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা


ধুবুৰী, ২৯ মে’ (হি.স.): ঈদৰ দিনাই ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি বৃহস্পতিবাৰে আবেলি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনা থিতাতে নিহত হয় এজন যুৱক । যুৱক জন আন্দুৰঝাৰৰ গাওঁৰ বাসিন্দা হাকিম আলী বুলি পৰিচয় পোৱা গৈছে ।

চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । মালবাহী ট্ৰাকে মহতিয়াই নি পলায়ন কৰে মালবাহী ট্ৰাক চালকে।ঘটনাস্থলীত শালকোচা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায় । ঈদৰ দিনাই মৰ্মান্তিক ঘটনাটোত সমগ্ৰ বিলাসীপাৰা অঞ্চলত শোকৰ ছাঁ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande