বৰপেটাৰ আলোপতিত পথ দুৰ্ঘটনাত এজন নিহত
বৰপেটাৰ আলোপতিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ।
বৰপেটাৰ আলোপতিত পথ দুৰ্ঘটনাত এজন নিহত


বৰপেটা, ২৯ মে’ (হি.স.): ঈদৰ আনন্দ উল্লাসৰ মাজতে বৰপেটাৰ আলোপতিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা । জিলাখনৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং বাঘমাৰাচৰত কালি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত আলোপতি শান্তিপুৰ গাঁৱৰ আবুল কালাম আজাদ নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে মফিল উদ্দিন নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হয় ।

জানিব পৰা মতে তীব্ৰবেগী বাইক এখনে বাঁহ গছত খুন্দিওৱাত দুয়োজন যুৱক আহত হয় । নিশাই আহত যুৱক দুজনক চিকিৎসাৰ বাবে গোৱালপাৰা লৈ নিয়া হয় যদিও চিকিৎসকে আবুল কালাম আজাদৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে । এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande