
নগাঁও, ২৯ মে (হি.স.)। বৃহত্তৰ দিনজয় অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা অনৈতিক কাৰ্য্যৰ বিৰুদ্ধে এইবাৰ স্বতঃস্ফুত ভাবে ওলাই আহিল অঞ্চলটোৰ ৰাইজ ।দিনজয় , পূৱ মৰিচা আৰু বালিজান পানীএৰা এই তিনিখন গাঁৱৰ ৰাইজে পাতিলে ৰাজহুৱা সভা ।
মদ , ড্ৰাগছ,গাঞ্জা আৰু জুৱা খেলৰ বিৰুদ্ধে পাতিলে ৰাইজমেল।সভাত দিনজয় সত্ৰৰ সত্ৰাধিকাৰে সভাপতিত্ব কৰে।শ শ ৰাইজে অংশ গ্ৰহন কৰা এই ৰাইজমেলত বৰবিহ ড্ৰাগচৰ লগতে সকলো সমাজবিৰোধী কামৰ বিৰুদ্ধে গাঁৱে গাঁৱে কঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ সংকল্প গ্ৰহন কৰা হয়। উল্লেখ্য যে বৃহত্তৰ দিনজয় অঞ্চলৰ লগতে চাবুৱাৰ একাংশ গাঁৱে ভূঞে আজি দীৰ্ঘদিন ধৰি ড্ৰাগচ সেৱনকে ধৰি বিভিন্ন অনৈতিক কাৰ্য্যই ভয়াবহ ৰূপ ধাৰন কৰিছে।আৰক্ষীয়ে মাজে সময়ে দুই এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও বিভিন্ন অঞ্চলত চলি আছে এই সমূহ অসামাজিক কাৰ্য্য ।যি সময়ত এজন সত্ৰাধিকাৰে সমাজৰ বিভিন্ন আধ্যাত্মিক কাৰ্য্যত জড়িত হৈ থাকিব লাগে সেই সময়তে ড্ৰাগচ ,গাঞ্জা ,জুৱাৰ বিৰুদ্ধে সভা পাতিব লগা বিষয়টোৱে সচেতন মহলত চৰ্চা লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ