শিয়ালমাৰি ৰাজ্যিক চিকিৎসালয়ত এজন দক্ষ এম বি বি এছ চিকিৎসক প্ৰদানৰ দাবী ৰাইজৰ
মৰিগাঁও, ২৯ মে (হি.স.)। শিয়ালমাৰি ৰাজ্যিক চিকিৎসালয়ত এজন দক্ষ এম বি বি এছ চিকিৎসক প্ৰদানৰ দাবীত ৰাইজৰ আহ্বান |লাহৰীঘাট টেঙাগুৰীৰ অন্তৰ্গত শিয়ালমাৰি ৰাজ্যিক চিকিৎসালয়ত দীর্ঘদিন ধৰি এজন দক্ষ এম বি বি এছ চিকিৎসকৰ অভাৱত ৰাইজে নানা সমস্যাৰ সন্মুখীন
শিয়ালমাৰি ৰাজ্যিক চিকিৎসালয়ত এজন দক্ষ এম বি বি এছ চিকিৎসক প্ৰদানৰ দাবী ৰাইজৰ


মৰিগাঁও, ২৯ মে (হি.স.)। শিয়ালমাৰি ৰাজ্যিক চিকিৎসালয়ত এজন দক্ষ এম বি বি এছ চিকিৎসক প্ৰদানৰ দাবীত ৰাইজৰ আহ্বান |লাহৰীঘাট টেঙাগুৰীৰ অন্তৰ্গত শিয়ালমাৰি ৰাজ্যিক চিকিৎসালয়ত দীর্ঘদিন ধৰি এজন দক্ষ এম বি বি এছ চিকিৎসকৰ অভাৱত ৰাইজে নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বৰ্তমান চিকিৎসালয়খনত এজন আয়ুৰ্বেদিক ডাক্তৰে চিকিৎসকে সেৱা আগবঢ়াই আহিছে যদিও অঞ্চলটোৰ বৃহৎ জনসংখ্যাৰ তুলনাত এই সেৱা পৰ্যাপ্ত নহয় বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে, চিকিৎসালয়খনৰ অধীনত প্ৰায় ৩৬ হাজাৰ লোক বাস কৰে। কিন্তু ইমান বৃহৎ সংখ্যক লোকৰ বাবে এজনো এম বি বি এছ চিকিৎসকৰ নিযুক্তি নথকাত সাধাৰণ ৰোগীয়ে উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে। বিশেষকৈ জৰুৰীকালীন অৱস্থাত বহু ৰোগীক দূৰ-দূৰণিলৈ যাবলগীয়া হয়, যাৰ ফলত বহু সময়ত চৰম অসুবিধাৰ সৃষ্টি হয়।

অঞ্চলবাসীয়ে চৰকাৰ আৰু স্বাস্থ্য বিভাগক অতি সোনকালে শিয়ালমাৰি ৰাজ্যিক চিকিৎসালয়ত এজন দক্ষ এম বি বি এছ চিকিৎসকৰ নিয়োগ কৰাৰ দাবী জনাইছে। ৰাইজৰ মতে, এজন স্থায়ী এম বি বি এছ চিকিৎসকৰ নিযুক্তি দিলে অঞ্চলটোৰ স্বাস্থ্য ব্যৱস্থা বহু পৰিমাণে উন্নত হ’ব আৰু সাধাৰণ লোকে উপযুক্ত চিকিৎসা লাভ কৰিব পাৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande