
গোলাঘাট, ২৯ মে’ (হি.স.)।
কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাবাহিনীৰ জোৱান দুৰ্লভ গগৈয়ে । দুৰ্লভ গগৈৰ ঘৰ নুমলীগড়ৰ পংকা বৰচাপৰি অঞ্চলত । জোৱানজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে । বৰ্তমান শ্ৰীনগৰৰ পৰা পংকা বৰচাপৰিস্থিত নিজ বাসগৃহলৈ জোৱানজনৰ নশ্বৰ দেহ অনা হৈছে ।
উল্লেখ্য় যে কৰ্মৰত অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শনিবাৰে শ্ৰীনগৰত জোৱান জনৰ মৃত্যু হয়। নুমলীগড়ৰ ৰাইজে জোৱানজনৰ নশ্বৰ দেহ সমদল কৰি লৈ যায় । উল্লেখযোগ্য যে ভাৰতীয় স্থল সেনাৰ ৪৯ বায়ু ৰক্ষা ৰেজিমেণ্টৰ হাবিলদাৰ আছিল জোৱানজন।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা