পাঠশালাত নলা নিৰ্মাণৰ কাম আৰম্ভ কৰি অন্তৰ্দ্ধান ঠিকাদাৰ
বজালী, ২৯ মে (হি.স.)। পাঠশালাত নলা নিৰ্মাণৰ কাম আৰম্ভ কৰি অন্তৰ্দ্ধান ঠিকাদাৰ । বিগত দুটা বছৰ ধৰি অন্তৰ্দ্ধান হৈ থাকিল ঠিকাদাৰ। আজিও খবৰ নহ''ল ঠিকাদাৰৰ, পৰি ৰৈ থাকিল পানী নিষ্কাশনৰ নলা নিৰ্মাণৰ কাম। পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা
পাঠশালাত নলা নিৰ্মাণৰ কাম আৰম্ভ কৰি অন্তৰ্দ্ধান ঠিকাদাৰ


বজালী, ২৯ মে (হি.স.)। পাঠশালাত নলা নিৰ্মাণৰ কাম আৰম্ভ কৰি অন্তৰ্দ্ধান ঠিকাদাৰ ।

বিগত দুটা বছৰ ধৰি অন্তৰ্দ্ধান হৈ থাকিল ঠিকাদাৰ। আজিও খবৰ নহ'ল ঠিকাদাৰৰ, পৰি ৰৈ থাকিল পানী নিষ্কাশনৰ নলা নিৰ্মাণৰ কাম। পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা এটা নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিয়েই ঠিকাদাৰ অন্তৰ্দ্ধান হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাঠশালাত। পাঠশালা নগৰৰ অতি গুৰুত্বপূৰ্ণ নলাটোৰ কাম আৰম্ভ কৰিয়েই ঠিকাদাৰে দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্যৰ কাম সামৰি থৈছে।

যাৰ বাবে এতিয়া ঘন জংঘলৰ মাজত সোমাই পৰিছে নলাটো। অৰ্ধনিৰ্মিত কৰি উন্মুক্ত অৱস্থাত ৰাখি কিয় ঠিকাদাৰ অন্তৰ্দ্ধান হ'ল সেই বিষয়ে স্থানীয় লোকৰ মাজতো নাই সঠিক তথ্য। আনহাতে কি আঁচনি, এই নলাটোৰ বাবে কিমান ধন আবণ্টন কৰা হৈছে, সেয়াও অজ্ঞাত। উল্লেখ্য যে বৰবাং, কায়স্থপাৰা, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিৰ উপৰিও পাঠশালা নগৰৰ পানী নিষ্কাশনৰ বাবে এখন দাবী সমিতিয়ে পূৰ্বতে বহুবাৰ চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছিল। এই দাবীৰ প্ৰতি সঁহাৰি জনাই দুবছৰ পূৰ্বে পানী নিষ্কাশনৰ বাবে বিভাগীয় ভাৱে নলাটো আবন্টন হ'ল। স্হানীয় লোকে জানিবলৈ দিয়া মতে এই নলাটোৰে পাঠশালাৰ দাঁতি-কাষৰীয়া ঠাই সমূহৰ পানী পাঠশালা বিষন্নলা জানলৈ অনাৰ পৰিকল্পনা আছিল। কিন্তু ৰাইজৰ আশাত চেঁচাপানী ঢালি আধাতে কাম সামৰি ঠিকাদাৰ অন্তৰ্দ্ধান হোৱাৰ ঘটনাত এতিয়া তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে পাঠশালাত। ইয়াকে লৈ স্থানীয় বিধায়কৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে স্হানীয় লোকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande