
শোণিতপুৰ, ২৯ মে (হি.স.)। শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন আৰু পৰিয়ালৰ ওপৰত ইডি আৰু চি বি আইয়ে তালাচী লগতে অত্যাচাৰ চলোৱাৰ অভিযোগ আৰু চি পি আই এমৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক বৃন্দা কাৰাটেক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বালিপৰা কেন্দ্ৰস্থলত চি পি আই এমৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হয়।
প্ৰতিবাদী সকলে হাত হাতে বেনাৰ পোষ্টাৰ লৈ ইডি আৰু চি বি আই ৰ দাদাগিৰি বন্ধ কৰক , পিনাৰায়ৰ ওপৰত ৰাজনৈতিক প্ৰতিহিংসা বন্ধ কৰক , কমিউনিষ্ট পাৰ্টিৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰক , আৰ এছ এছ ৰ দাদাগিৰি নচলিব আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। অনাগত দিনত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অধিক আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব বুলি উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা