
নলবাৰী, ২৯ মে’ (হি.স.)। নলবাৰীৰ দিঘেলী জামৰতলৰ পৰা সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা দিঘেলী জামৰ তলৰ জ্যোতিষ দাস নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে ৷
জামৰতল চুবুৰীৰ বুঢ়া সোচাং মন্দিৰৰ সমীপত এটি পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো ৷ পুৱা প্ৰায় ৬ বজাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ ইতিমধ্যে মূৰটো প্ৰায় উৱলি গৈছে ৷ স্থানীয় লোকৰ ভাষ্য মতে অত্যধিক মদ্যমানৰ ফলত ল’ৰাজনে আজি কিছুদিন ধৰি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল ৷ পিতৃহীন যুৱকজনে তেওঁৰ মাতৃৰ সৈতে জীৱন নিৰ্বাহ কৰি আহিছিল ৷ প্ৰায় ৩২ বছৰীয়া যুৱক জনৰ এনে ধৰণৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা