
নগাঁৱ, ২৯ মে (হি.স.)। নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত বন্যহস্তীৰ সন্ত্ৰাস ৷
নিশা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱা হাতীৰ জাকৰ পৰা বিচিন্ন এটা হাতীয়ে ৰেংবেঙৰ ৰাজপথত ত্ৰাসৰ সৃষ্টি কৰে ৷ বন্যহস্তীৰ আক্ৰমণত কেইবা খনো ধাবাৰ কিছু পৰিমানে ক্ষতি হোৱাৰ লগতে কেইবাজনো লোকৰ প্ৰাণ ৰক্ষা পৰে ৷
আতংকৰ সৃষ্টি কৰা হাতীটো বনবিভাগে শূন্যলৈ গুলি ফুটাই পাহাৰলৈ খেদি পঠাবলৈ সক্ষম হয় ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্যহস্তীৰ এটা জাকে প্ৰতিদিনে আতংকৰ সৃষ্টি কৰি আহিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা