নাজিৰাৰ গেলেকী নআলিত পথ দূৰ্ঘটনা
চৰাইদেউ, ২৯ মে (হি.স.)। নাজিৰাৰ গেলেকী নআলিত পথ দূৰ্ঘটনা। চাহ শ্ৰমিক কঢ়িয়াই অনা টাটা এছ বাহন দূৰ্ঘটনাত পতিত। মালবাহী টাটা এছ বাহন খনে কঢ়িয়াই আনিছিল প্ৰায় ৩৫ গৰাকী চাহ শ্ৰমিক। হাতীপটিৰ পৰা আঠখেল অভিমুখে শ্ৰমিক কঢ়িয়াই লৈ যাওতে সংঘটিত হয় এই প
নাজিৰাৰ গেলেকী নআলিত পথ দূৰ্ঘটনা


চৰাইদেউ, ২৯ মে (হি.স.)। নাজিৰাৰ গেলেকী নআলিত পথ দূৰ্ঘটনা। চাহ শ্ৰমিক কঢ়িয়াই অনা টাটা এছ বাহন দূৰ্ঘটনাত পতিত। মালবাহী টাটা এছ বাহন খনে কঢ়িয়াই আনিছিল প্ৰায় ৩৫ গৰাকী চাহ শ্ৰমিক।

হাতীপটিৰ পৰা আঠখেল অভিমুখে শ্ৰমিক কঢ়িয়াই লৈ যাওতে সংঘটিত হয় এই পথ দুৰ্ঘটনা। তীব্ৰ গতিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰে চাহ শ্ৰমিক সকলক।

আহত লোক সকলক গেলেকী প্ৰাথমিক চিকিৎসালয়ৰ পিছত দুৰ্ঘটনাত পতিত সকলো শ্ৰমিককে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াই লিগিৰী পুখুৰী মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ ৷ঘটনাস্থলীত গেলেকী আৰক্ষী উপস্থিত ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande