
শোণিতপুৰ, ২৯ মে (হি.স.)। শোণিতপুৰ জিলাৰ মিছামাৰিত পুনৰ লাভ জেহাদৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি৷মিছামাৰীত বজৰং দলৰ সদস্যই আটক কৰে তিনিজন যুৱক আৰু দুজনী নাবালিকা বড়ো সম্প্ৰদায়ৰ ছোৱালী৷
শোণিতপুৰৰ মিছামাৰিৰ জীয়াগাভৰু তাঁতশাল বস্তিত সংঘটিত হৈছে এই ঘটনা। স্থানীয় বজৰং দলৰ সদস্যসকলে লাভ জেহাদৰ অভিযোগ তুলি আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰাৰ লগতে স্থানীয় ৰাইজে আটক কৰে তিনিজন যুৱক আৰু দুগৰাকী কিশোৰীক৷ আটক কৰা যুৱকসকল হৈছে —
মিৰাজুদ্দিন আহমেদ, হাবিজুল ৰহমান আৰু সহিদুল ইছলাম।
ইফালে দুই বড়ো সম্প্ৰদায়ৰ কিশোৰী দুগৰাকীৰ ভিতৰত এগৰাকীৰ বয়স মাত্ৰ ১৪ বছৰ আৰু তেওঁ নবম শ্ৰেণীত অধ্যয়ন কৰি আছে৷
ঘটনাৰ পিছতেই অঞ্চলটোত সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতি। বজৰং দলৰ সদস্যসকলে প্ৰথমে সকলোকে ৰঙাপৰা আৰক্ষীৰ হাতত চমজাই দিয়ে। পাছত ৰঙাপৰা আৰক্ষীয়ে তেওঁলোকক মিছামাৰি থানালৈ প্ৰেৰণ কৰে।
বৰ্তমান মিছামাৰি আৰক্ষীয়ে ঘটনাটোক লৈ অব্যাহত ৰাখিছে সোধা-পোছা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা