
ডিব্ৰুগড়, ২৯ মে (হি.স.)। মৰাণৰ তিলৈত প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ। স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় চৌহদৰ বাহিৰত থকা প্ৰায় ৭০ বছৰীয়া পুৰণি গছ কাটি পেলোৱাৰ বিৰুদ্ধে গছৰ গুৰিত বেনাৰ-পোষ্টাৰ আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় যুৱক তথা ৰাইজে। প্ৰতিবাদকাৰী সকলে ‘আমাক ন্যায় লাগে’, ‘স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে আমাক হত্যা কৰিলে’ আদি শ্লোগান সম্বলিত বেনাৰ আৰি বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
যোৱা ২৬ মে'ত বন বিভাগৰ অনুমতি অবিহনেই বিদ্যালয় কৰ্তৃপক্ষই কাটি পেলাইছিল কেইজোপামান বহু পুৰণি মূল্যবান গছ। লগতে কাষৰীয়া এটা কাঠফলা মিলত কাঠখিনি অবৈধভাৱে বিক্ৰী কৰাৰো অভিযোগ উঠিছে। এখন শিক্ষানুষ্ঠানৰ এনে প্ৰকৃতি ধ্বংসকাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে ৰাইজে। ৰাইজৰ এজাহাৰৰ ভিত্তিত বন বিভাগে কাঠখিনি জব্দ কৰি মিলটো ছিজ কৰিছে যদিও প্ৰধান দোষীক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই। স্থানীয় ৰাইজ অতি শীঘ্ৰে দোষীক উচিত শাস্তি প্ৰদান নকৰিলে সমগ্ৰ তিলৈ অঞ্চলৰ ৰাইজ একগোট হৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ