
বৰপেটা, ২৯ মে (হি.স.)। কলগাছিয়াত আজিৰে পৰা আৰম্ভ হৈছে মেট্ৰিকৰ কম্পাটমেন্টেল পৰীক্ষা ৷ এইক্ষেত্ৰত অসমৰ আন আন জিলাৰ লগতে বৰপেটা জিলাৰ কলগাছিয়া হাই স্কুল পৰীক্ষা কেন্দ্ৰতো আজি মেট্ৰিকৰ কম্পাৰমেন্টেল পৰীক্ষা অনুষ্ঠিত হয় ৷
কলগাছিয়া পৰীক্ষা কেন্দ্ৰত মুঠ ৮২৩ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হব বুলি পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা হাইস্কুল খনৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইনে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ৰাজ্যত শেহতীয়া ভাৱে হৈ যোৱা মেট্ৰিক পৰীক্ষাত ফলাফল বেয়া হোৱা শিক্ষাৰ্থীৰ বাবে শিক্ষা বিভাগে ৰাজ্য খনত কম্পাৰমেন্টেল পৰীক্ষা অনুষ্ঠিত কৰিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা