২০২৫-২৬ পৰ্যটন বৰ্ষৰ সামৰণি পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ
গোলাঘাট, ২৯ মে (হি.স.)। ২০২৫-২৬ পৰ্যটন বৰ্ষৰ সামৰণি পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ । যোৱা কালি বিয়লি চাৰি বজাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ''ল পৰ্যটকৰ বাবে।প্ৰতি বছৰে ছয়ৰ পৰা সাত মাহ পৰ্যটকৰ বাবে খোলা থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
২০২৫-২৬ পৰ্যটন বৰ্ষৰ সামৰণি পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ


গোলাঘাট, ২৯ মে (হি.স.)। ২০২৫-২৬ পৰ্যটন বৰ্ষৰ সামৰণি পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ । যোৱা কালি বিয়লি চাৰি বজাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ'ল পৰ্যটকৰ বাবে।প্ৰতি বছৰে ছয়ৰ পৰা সাত মাহ পৰ্যটকৰ বাবে খোলা থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বহু দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।

বিশেষ কৈ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত কাজিৰঙাৰ অগৰাতলী বনাঞ্চললৈ আগমন ঘটে লাখ লাখ দেশী বিদেশী পৰ্যটকৰ। বিগত পৰ্যটন বৰ্ষত চাৰি লাখ সত্তৰ হাজাৰতকৈ অধিক দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।বাৰিষা অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষও সাজু হৈছে বানপানীৰ লগত মোকাবিলা কৰিবলৈ। ইতিমধ্যে বনবিভাগে সাজু কৰি তুলিছে নাওৰ লগতে যাৱতীয় ব্যৱস্থা সমূহ।হাত নাও, মেচিন নাও,ৰাবাৰ বট সকলো মেৰামতি কৰি সাজু কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।পুনৰ অক্টোবৰ- নৱেম্বৰ মাহত খোল খাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আগন্তুক বৰ্ষত বিগত বছৰতকৈ অধিক পৰ্যটকৰ আগমন ঘটিব বুলি আশা প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে পৰ্যটকৰ লগত জড়িত জীপ চাফাৰী কৰ্মী সকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande