


নিউয়ৰ্ক, ২৯ মে’ (হি.স.)। ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আমেৰিকাৰ ব্যৱসায়িক প্ৰতিনিধিসকলক কয় যে ভাৰতে আমেৰিকাৰ সৈতে চলি থকা বাণিজ্য চুক্তিৰ আলোচনাত “উৎসাহজনক অগ্ৰগতি” হৈছে আৰু দুয়োখন দেশ অন্তৱৰ্তীকালীন চুক্তিত উপনীত হোৱাৰ ওচৰ চাপিছে।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বৃহস্পতিবাৰে নিশা ইয়াত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক নেতাসকলৰ সৈতে হোৱা এক বাৰ্তালাপত এই ঘোষণা কৰে।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে এক্স-প’ষ্টক জনোৱা মতে, নিউয়ৰ্কত অনুষ্ঠিত হোৱা এখন গোলটেবুলৰ সময়ত তেওঁ ৫০ জনতকৈ অধিক বিশ্বব্যাপী ব্যৱসায় আৰু উদ্যোগৰ নেতাৰ সৈতে মত বিনিময় কৰিছিল। তেওঁ কয় যে নিউয়ৰ্কত থকা ভাৰতৰ কনছুলেট জেনেৰেলে আমেৰিকা-ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ’ৰাম (ইউএছআইএছএফ)ৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰিছে।
পীয়ুষ গোৱেলে কয় যে এই ঘূৰণীয়া মেজ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ শক্তিশালী বৃদ্ধিৰ কাহিনী, সংস্কাৰ-চালিত ব্যৱসায়িক পৰিৱেশ, আৰু বিশ্বব্যাপী ব্যৱসায়িক নেতাসকলৰ মাজত বিশ্ব বিনিয়োগকাৰীৰ বাবে ক্ৰমবৰ্ধমান সুযোগসমূহৰ ওপৰত আলোকপাত কৰা হয়। তেওঁ ভাৰত-আমেৰিকাৰ বাণিজ্য, বিনিয়োগ, উদ্ভাৱন, আৰু ভাগ-বতৰা সমৃদ্ধিৰ বাবে যোগান শৃংখলৰ অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।
গোৱেলে কেইবাজনো উদ্যোগৰ নেতাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। মৰ্গান ষ্টেনলিৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) টেড পিকৰ সৈতে হোৱা এক বৈঠকত তেওঁ ভাৰতত দীৰ্ঘম্যাদী বিনিয়োগ আৰু প্ৰতিষ্ঠানিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। তেওঁ ৱাৰবাৰ্গ পিংকাছৰ অধ্যক্ষ চিপ কেয়েৰ সৈতে বিশ্বব্যাপী বিনিয়োগৰ পৰিৱেশ আৰু ভাৰতৰ উদীয়মান অৰ্থনৈতিক সুযোগসমূহৰ বিষয়ে আলোচনা কৰে।
গোৱেলে কয় যে আমনিয়াল ফাৰ্মাচিউটিকেলছৰ সহ-প্ৰতিষ্ঠাপক তথা সহ-মুখ্য কাৰ্যবাহী বিষয়া চিন্টু পেটেলৰ সৈতে হোৱা বৈঠকত তেওঁ ভাৰতৰ ঔষধ খণ্ডত বিনিয়োগ আৰু উদ্ভাৱন বৃদ্ধিৰ সুযোগ সম্পৰ্কে আলোচনা কৰে। ইয়াৰ উপৰিও গোৱালে মাষ্টাৰকাৰ্ডৰ চিইঅ’ মাইকেল মিবাকৰ সৈতে ডিজিটেল বাণিজ্য, ডিজিটেল সুৰক্ষা, আৰু নতুন প্ৰজন্মৰ পেমেণ্ট ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে।
ইউএছআইএছপিএফে লগতে এক বিবৃতিত কয় যে পীয়ুষ গোৱেলে বিনিয়োগকাৰীৰ আস্থা, ব্যৱসায়িক স্থিতিশীলতা, আৰু শক্তিশালী নিয়ন্ত্ৰণ পৰিৱেশ ভাৰত চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰৰ ভিতৰত অন্যতম বুলি গুৰুত্ব আৰোপ কৰে।
ইয়াৰ পূৰ্বে ২৫ মে’ৰ পৰা ২৭ মে’লৈকে পীয়ুষ গোৱালে ১৫০ জনতকৈ অধিক সদস্যৰ ব্যৱসায়িক প্ৰতিনিধি দলৰ নেতৃত্বত কানাডালৈ গৈছিল, য’ত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে বিনিয়োগ আকৰ্ষণ, সহযোগিতা বৃদ্ধি আৰু প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিখন ত্বৰান্বিত কৰাৰ প্ৰচেষ্টা চলাইছিল।
মন কৰিবলগীয়া যে ২০২৬ চনৰ ১ জুনৰ পৰা ৪ জুনলৈ আমেৰিকাৰ প্ৰতিনিধি দলে নতুন দিল্লী ভ্ৰমণ কৰিব। এই সময়ছোৱাত দুয়োখন দেশৰ মাজত অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ খচৰা চূড়ান্ত কৰা হ’ব, আৰু ব্যাপক দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ অধীনত বজাৰত প্ৰৱেশ, শুল্কবিহীন ব্যৱস্থা, শুল্ক সুবিধা আদি বিষয়ৰ ওপৰত আলোচনা আগবঢ়াই নিয়া হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া