চৰকাৰী উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা টংলাৰ এটি দুখীয়া পৰিয়াল
ওদালগুৰি, ২৯ মে (হি.স.)। প্ৰতিটো নিৰ্বাচনৰ সময়ত চৰকাৰী আচঁনিৰ টোপ দি ৰাইজৰ মাজত ভোট খুজি শাসনৰ বাঘজৰী লৈ উন্নয়নৰ জয় ঢোল বজাই অহা এখনৰ পিছত আনখন চৰকাৰৰ দিনতো এতিয়াও চৰকাৰী উন্নয়নৰ বহু আচঁনিৰ পৰা বঞ্চিত হৈ আহিছে একাংশ সাধাৰণ দুখীয়া লোক। তেনে এ
চৰকাৰী উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা টংলাৰ এটি দুখীয়া পৰিয়াল


ওদালগুৰি, ২৯ মে (হি.স.)। প্ৰতিটো নিৰ্বাচনৰ সময়ত চৰকাৰী আচঁনিৰ টোপ দি ৰাইজৰ মাজত ভোট খুজি শাসনৰ বাঘজৰী লৈ উন্নয়নৰ জয় ঢোল বজাই অহা এখনৰ পিছত আনখন চৰকাৰৰ দিনতো এতিয়াও চৰকাৰী উন্নয়নৰ বহু আচঁনিৰ পৰা বঞ্চিত হৈ আহিছে একাংশ সাধাৰণ দুখীয়া লোক। তেনে এটি চৰকাৰী আচঁনিৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে বসবাস কৰিছে ওদালগুৰি জিলাৰ নৱ গঠিত টংলা বিধান সভা সমষ্টিৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাজগাঁৱত।

এই মাজ গাঁৱৰ মূল পথৰ দাঁতিত এটা ভগা সাধাৰণ জুপুৰি সদৃশ ঘৰত দূৰ্বিসহ জীৱন কটোৱা দম্পতিৰ স্বামী গণেশ ৰাভা আৰু পত্নী প্ৰভা ৰাভা।চকুৰে কম দেখা প্ৰভা ৰাভাই মাজে মাজে আনৰ ঘৰত হাজিৰা কাম কৰাৰ উপৰিও হাবি বননিৰ পৰা ঢেঁকীয়া, কচু আদি বুটলি মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰি পোৱা টকাৰে জীৱন নিৰ্বাহ কৰি চলিছে। এচলীয়া ভংগ্নপ্ৰায় জুপুৰী ঘৰটোত বতাহ, বৰষুণ বতৰত ভয় আৰু আতংকত চকুৰ পানী নিগৰাই প্ৰভা ৰাভাই স্বামীৰ সৈতে কষ্টকৰ জীৱন কটাবলৈ বাধ্য হৈছে। বহু বছৰ ধৰি এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ বিছাৰি বহুবাৰ আবেদন কৰিও ফল নাপালে দুৰ্ভগীয়া পৰিয়ালটো।আমাৰ এই প্ৰতিবেদন সম্প্ৰচাৰ হোৱাৰ পিছত দ্বিতীয় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মা আৰু চতুৰ্থ বাৰৰ বাবে বিটিচিৰ চীফ হোৱা হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ চকু পৰিবনে এই দুখীয়া পৰিয়ালটোৰ দুৰৱস্থা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande