গহপুৰ চিলঠিয়াত কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নজিৰ দাঙি ধৰিছে স্থানীয় মহিলাসকলে
বিশ্বনাথ, ২৯ মে (হি.স.)। গহপুৰ চিলঠিয়াত মহিলাৰ কৰ্ম সংস্কৃতি। আই:এফ: চি: মহিলা গোটৰ পৰা মিনি পাৱাৰ টিলাৰ লাভ কৰি মহিলা সকল নামি পৰিল কৃষি কাৰ্যত। মনত অদম্য সাহস আৰু কৰ্মস্পৃহাৰ বাবে পুৰুষৰ সমানে সমানে নামিল বাৰিষাৰ পথাৰত। মহিলা সকলে মিনি পাৱাৰটিল
গহপুৰ চিলঠিয়াত কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নজিৰ দাঙি ধৰিছে স্থানীয় মহিলাসকলে


বিশ্বনাথ, ২৯ মে (হি.স.)। গহপুৰ চিলঠিয়াত মহিলাৰ কৰ্ম সংস্কৃতি। আই:এফ: চি: মহিলা গোটৰ পৰা মিনি পাৱাৰ টিলাৰ লাভ কৰি মহিলা সকল নামি পৰিল কৃষি কাৰ্যত।

মনত অদম্য সাহস আৰু কৰ্মস্পৃহাৰ বাবে পুৰুষৰ সমানে সমানে নামিল বাৰিষাৰ পথাৰত। মহিলা সকলে মিনি পাৱাৰটিলাৰৰ জৰিয়তে পথাৰত নামিল হাল বাবলৈ। মাটি চহ কৰি শালিধানৰ কঠিয়া সিচিবলৈ সাঁজু কৰি তুলিছে কঁঠিয়াতলী। আনন্দ উচাহৰ মাজেৰে পথাৰত ব্যস্ত এতিয়া এই সকল মহিলা। মনত আশা;তেওঁলোকে নিজৰ ওপৰত নিজে ভৰি দি আগবাঢ়ি যাব কৃষি কাৰ্যত। স্ব নিৰ্ভৰ হোৱাৰ সপোন পুহি ৰাখিছে এই সকল মহিলাই। এওঁলোকৰ আশা সকলো মহিলাই এদিন কৰ্মমুখী হ'ব; আত্ম নিৰ্ভৰ হ'ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande