আই নৈৰ বানত সৰ্বস্বান্ত চেঁচাপানীৰ পৰিয়ালৰ নহ’ল পুনৰ সংস্থাপন-নাপালে ক্ষতিপূৰণ
দুই দশক ধৰি মথাউৰিতে দুৰ্বিষহ জীৱন কটাইছে গৃহহীন পৰিয়ালে ৷
আই নৈৰ বানত সৰ্বস্বান্ত চেঁচাপানীৰ পৰিয়ালৰ নহ’ল পুনৰ সংস্থাপন-নাপালে ক্ষতিপূৰণ


বঙাইগাঁও, ২৯ মে’ (হি.স.): আই নৈৰ বানত সৰ্বস্বান্ত হোৱা বঙাইগাঁও জিলাৰ কাকৈজানা পঞ্চায়তৰ অন্তৰ্গত চেঁচাপানীৰ পৰিয়াল সমূহৰ আজিও নহ’ল পুনৰ সংস্থাপন ৷ বিগত ২০০৬-০৭ চনতে আই নৈৰ প্ৰলয়ংকৰী বানত ঘৰ-ভেটি হেৰুৱাই নিঠৰুৱা হৈছিল অঞ্চলটোৰ অৰ্ধ শতাধিক পৰিয়াল ৷ চকুৰ পচাৰতে আটোমটোকাৰী ঘৰখন নৈৰ বুকুত জাহ যোৱাত অন্ধকাৰ হৈ পৰে পৰিয়াল সমূহৰ ভৱিষ্যত ৷ নিৰাশ্ৰয় হৈ পৰা পৰিয়াল সমূহে কণকণ ল’ৰাছোৱালীক লৈ আশ্ৰয় লৈছিল মথাউৰিত ৷ তেতিয়াৰ পৰা আজি ১৯ বছৰ ধৰি মথাউৰিতে টিনৰ চালিৰ তলত গড়াল সদৃশ বাসস্থানত দুৰ্বিষহ জীৱন কটাই কেইবাটাও পৰিয়ালে ৷

ইফালে চৰকাৰৰ ওচৰত বহু আবেদন নিবেদন কৰাৰ পাছতো গৃহহীন পৰিয়াল সমূহে পুনৰ সংস্থাপন নাপালে ৷ উপাই নাপাই একাংশ পৰিয়ালে মথাউৰিকে একমাত্ৰ আশ্ৰয়স্থল হিচাপে গ্ৰহণ কৰিব লগা হয় ৷ উল্লেখযোগ্য যে মথাউৰিত আশ্ৰয় লৈ থকা সৰ্বস্বান্ত পৰিয়াল সমূহে সময়ে সময়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা হাৰাশাস্তি ভোগ কৰিবলগীয়াও হৈছে ৷ মথাউৰি নিৰ্মাণৰ নামত কেবাবাৰো উঠি যোৱাৰ নিৰ্দেশ দিয়াত ভৱিষ্যতক লৈ শংকাত ভুগিছে দুৰ্ভগীয়া পৰিয়াল সমূহে ৷ খিলঞ্জীয়াৰ ভেটি-মাটিৰ সুৰক্ষাৰ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনে বানত সৰ্বস্ব হেৰুওৱা খিলঞ্জীয়া পৰিয়াল কেইটাৰ ভৱিষ্যত সুৰক্ষাৰ নিমিত্তে ব্যৱস্থা কৰাতো বিচাৰিছে সচেতন মহলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande