
কাছাৰ, ২৯ মে (হি.স.)। কাছাড়ৰ কাটিগড়াৰ লাঠিমাৰা গাঁওত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জা গল এখন ঘৰৰ লগত 5 খন বৈদ্যুতিক অটো। পৰিতোষ দাস নামৰ লোকৰ ঘৰত একে লগে ৫ খন বৈদ্যুতিক অটোৰ চার্জিং চলিয়াছিল।কালি নিশা চার্জিং চলি থাকোতে হঠাৎ জুইৰ সূত্রপাত হয়। স্থানীয় একাংশ লোকে জুই প্রত্যক্ষ কৰি চিঞৰবাকৰ আৰম্ভ কৰে। চিঞৰ শুনি উলাই আহে স্থানীয় লোক।
হাতে হাতে বালটি লৈ জুই নিয়ন্ত্রণত জপিয়াই পড়ে স্থানীয় লোক। খবৰ দিয়া হয় অগ্নিনির্বাপক বাহিনিক। কিন্তু ঘটনাস্থলিৰ পৰা মাত্র তিনি কিলোমিটাৰ নিলগত থাকা অগ্নিনির্বাপক বাহিনী ২ ঘন্টা পলমকৈ উপস্থিত হয় বুলি অভিযোগ কৰে স্থানীয় ৰাইজে।দমকল ইঞ্জিন পলম কৈ আহাৰ পিচত উত্তেজিত হৈ পড়ে ৰাইজ। ক্ষয়ক্ষতি ২৫ লাখ টকাৰ অধীক হব বুলি প্রাথমিক ভাবে উমান কৰা হৈছে। প্রকৃততে কী কারণত জুই সূত্রপাত হল এয়া স্পষ্ট ন'হয় যদিও বৈদ্যুতিক শর্ট শার্কিট হব পাৰে বুলি আশঙ্কা কৰা হৈছে। পৰিতোষ দাস, লিটন দাস,জয়দীপ দাস,সুধাকৰ দাস আৰু বিন্দন দাসৰ অটো ভস্মীভূত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ