ডিমৰীয়াত সংঘটিত পথ দুৰ্ঘটনাত চাৰিজন নিহত
গুৱাহাটী, ২৯ মে (হি.স.)। ডিমৰীয়াৰ তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত চাৰিজন। জাগীৰোডৰ দিশৰ পৰা অহা এআৰ ০১কিউ ০০৪২ তীব্ৰবেগী বলেৰো বাহনৰ খুন্দা ৰখাই থোৱা ট্ৰাকত। ফলত থিতাতে নিহত বলেৰ খনত থকা চাৰি আৰোহী।
ডিমৰীয়াত সংঘটিত পথ দুৰ্ঘটনাত চাৰিজন নিহত


গুৱাহাটী, ২৯ মে (হি.স.)। ডিমৰীয়াৰ তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে নিহত চাৰিজন।

জাগীৰোডৰ দিশৰ পৰা অহা এআৰ ০১কিউ ০০৪২ তীব্ৰবেগী বলেৰো বাহনৰ খুন্দা ৰখাই থোৱা ট্ৰাকত।

ফলত থিতাতে নিহত বলেৰ খনত থকা চাৰি আৰোহী।

বাহন খনত গভৰ্ণমেন্ট অৱ অৰুণাচল লিখা আছিল।

নিহত তিনি গৰাকী পুৰুষ আৰু এগৰাকী মহিলা।

এই পৰ্যন্ত এগৰাকী ব্যক্তিকো চিনাক্ত কৰিব পৰা হোৱা নাই, ঘটনাস্থলীত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ ব্যৱস্থা কৰিছে।

গাড়ীখনৰ পঞ্জীয়ন নম্বৰ অনুসৰি লোককেইজন অৰুণাচলৰ বুলি ধাৰণা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande