ডিমৰীয়াত সংঘটিত পথ দূৰ্ঘটনাত চাৰিজন নিহত
গুৱাহাটী, ২৯ মে (হি.স.)। ডিমৰীয়াৰ ৰাজপথত মৃত্যুৰ কিৰিলি। পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ''ল একেটা পৰিয়ালৰ পিতৃ-মাতৃ-পুত্ৰ সহ চাৰিগৰাকীৰ ইয়াৰে ভিতৰত এগৰাকী মহিলাসহ আছে এগৰাকী পুৰুষ আৰু দুগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। জানিব পৰা অনুসৰি অৰুণাচলৰ পৰা
ডিমৰীয়াৰ ৰাজপথত মৃত্যুৰ কিৰিলি


ডিমৰীয়াৰ ৰাজপথত মৃত্যুৰ কিৰিলি


গুৱাহাটী, ২৯ মে (হি.স.)। ডিমৰীয়াৰ ৰাজপথত মৃত্যুৰ কিৰিলি। পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল একেটা পৰিয়ালৰ পিতৃ-মাতৃ-পুত্ৰ সহ চাৰিগৰাকীৰ

ইয়াৰে ভিতৰত এগৰাকী মহিলাসহ আছে এগৰাকী পুৰুষ আৰু দুগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। জানিব পৰা অনুসৰি অৰুণাচলৰ পৰা তীব্ৰ বেগত অহা এআৰ ০১কিউ ০০৪২ নম্বৰৰ গুৱাহাটী অভিমুখী বলেৰ' বাহন খনে একে দিশতে ৰখাই থোৱা এএছ ০১ইউচি ১৬৩৩ নম্বৰৰ মালবাহী ট্ৰাকত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় আৰোহী হিচাপে থকা অৰুণাচলৰ ইটানগৰৰ পশু চিকিৎসক লিগি বাৰাচা, তেওঁৰ পত্নী গড়কাপ্তানী বিভাগৰ বিষয়া কুনগা দৈমা(৫২) আৰু পুত্ৰ গেমৰ বাৰাচা আৰু তেওঁৰ অন্য এগৰাকী বন্ধু কৰ্মা চেৰাপ খিৰিমে, যুৱক দুগৰাকী ত্ৰিপুৰা শান্তিনিকেতন চিকিৎসা মহাবিদ্যালৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ।

ইয়াৰে পৰিয়ালটোৰ ঘৰ অৰুণাচলৰ ইটানগৰত হোৱাৰ বিপৰীতে ছাত্ৰ কৰ্মা চেৰাপ খিৰিমেৰ ঘৰ অৰুণাচলৰ ৰূপাত। গুৱাহাটীত অধ্যয়নৰত কন্যাৰ অসুস্থতাৰ খবৰ ল'বলৈ অহাৰ পথতে উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হয় চাৰিগৰাকী লোকে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই যানবাহন আৰক্ষীৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি পথৰ পৰা আতঁৰ কৰে দুৰ্ঘটনা গ্ৰস্ত বাহন দুখন ।

উল্লেখ্য যে পথৰ দুয়োকাষে নীতি বৰ্হিভূত ভাৱে ট্ৰাক সমূহ ৰখাই থোৱাৰ ফলতেই তেতেলীয়াৰ পৰা সোণাপুৰৰ টোলগেট পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰে যানবাহন আৰক্ষীয়ে।

ঘটনাস্থলীত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন আৰু ট্ৰাফিক ডিচিপি জয়ন্ত সাৰথি বৰা উপস্থিত হৈ দুৰ্ঘটনাস্থলী পৰ্যবেক্ষণ কৰি সমগ্ৰ ঘটনাৰ বিৱৰণ সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande