
তামুলপুৰ, ২৯ মে’ (হি.স.): পৰম্পৰা ৰক্ষা কৰি ৰঙাফালীত বড়ো গোষ্ঠীয়ে ব্যতিক্ৰমী জালি পুতলি বিয়া পালন কৰে । তামুলপুৰ-বাক্সা-নলবাৰী সীমান্তবৰ্তী ৰঙাফালী গাঁৱত বড়ো সকলে দুদিনীয়াকৈ পালন কৰে পুতলি বিয়া উৎসৱ । পূৰ্বপুৰুষৰ পৰা এলেকাটোত চলি অহা জালি পুতলি বিয়া উৎসৱটি জাকজমকতাৰে ধাৰাবাহিকভাৱে পালন কৰি অহা হৈছে ।
গাঁৱৰ আইতাসকলে ঊলেৰে (খেৰ)আৰু ৰাওনা আৰু ৰাওনিৰ পুতলা সাজি জালি পুতলি বিয়া (ফুছ্লি হাবা )উৎসৱটি পালন কৰি আহিছে।বড়ো জনগোষ্ঠীটোৰ লোকবিশ্বাস অনুসৰি স্বৰ্গত থকা আদি মানৱ মৌন ছিং বুঢ়াক উৎসৱত প্ৰধান স্থান দিয়া হয়। তেওঁ বড়ো কছাৰীসকলৰ মনত মহা ধাৰ্মিক আৰু জ্ঞানী পুৰুষ আছিল ৷ৰাওনা ৰাওনি অসন্তুষ্ট হ'লে মানুহ বিভিন্ন বেমাৰ আজাৰত আক্ৰান্ত হয় বুলি বিশ্বাস অনুসৰি উক্ত উৎসৱত পূজা পাতলক বিশেষ স্থান দি অহা হৈছে ৷ ৰঙাফালীত বড়ো সকলে ১০০বছৰ ধৰি পালন কৰি আহিছে।
জালি পুতলি বিয়া উৎসৱৰ পূৰ্বে গাঁৱৰ আইতাসকলে প্ৰতিঘৰৰ পৰা উলূ খেৰ সংগ্ৰহ কৰি ৰাওনা আৰু ৰাওনি অৰ্থাৎ জালি পুতুলি পুতলা সাজে ৷ আনফালে পুৰুষসকলে কলৰ এখন ভূঁৰ সাজে ৷ সেই ভূঁৰৰ ওপৰত কলৰ গছৰ বাকলিৰে (দোনা)এটা ঘৰ সাঁজে ৷ সেই ঘৰটিৰ ভিতৰত ৰাওনা ৰাওনিক দৰা কইনা সজাই বহুৱাই দিয়া হয় ৷ ইয়াৰ পিছতেই গাঁৱৰ জনগোষ্ঠীটোৰ প্ৰতিটো পৰিয়ালৰ সদস্যই গৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হয় আৰু মনোবাঞ্ছা পূৰ্ণ হোৱাৰ কামনাৰে পূজা কৰি সেৱা লোৱাৰ পিছতে চিফুং, মাদল, জথা (খুঞ্জীৰী)ৰ তালে তালে নৃত্য গীত কৰে ৷ এই নৃত্য গীতৰ অন্তত সকলোৱে কলৰ ভুঁৰখনত ৰাওনা ৰাওনিক উঠাই লৈ এক দীঘলীয়া সমদল কৰি নি ওচৰৰ নৈ উটুৱাই দিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ