দিল্লীত অবৈধভাৱে বসবাস কৰা ৫ বাংলাদেশী গ্ৰেপ্তাৰ, বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ
নতুন দিল্লী, ২৯ মে’ (হি.স.)। দিল্লীৰ মুখাৰ্জী নগৰ আৰক্ষী থানা আৰক্ষীৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিশেষ অভিযানৰ অংশ হিচাপে ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো আটাইকেইজনে অবৈধভাৱে দিল্লীত বাস কৰিছিল। আৰক্ষীয়ে তেওঁল
पुलिस का लोगो


নতুন দিল্লী, ২৯ মে’ (হি.স.)। দিল্লীৰ মুখাৰ্জী নগৰ আৰক্ষী থানা আৰক্ষীৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিশেষ অভিযানৰ অংশ হিচাপে ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো আটাইকেইজনে অবৈধভাৱে দিল্লীত বাস কৰিছিল। আৰক্ষীয়ে তেওঁলোকক বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ সন্মুখত দাখিল কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আৰক্ষীৰ মতে, মুখাৰ্জী নগৰ অঞ্চলত দুটা গোটৰ মাজত সামান্য বিবাদৰ খবৰ পোৱা গৈছে। তদন্তৰ সময়ত আৰক্ষীয়ে দুজন যুৱকক অবিৰতভাৱে বাংলা ভাষাত কথা পাতি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজে তেওঁলোকৰ কাৰ্যকলাপক লৈ সন্দেহ প্ৰকাশ কৰি আৰক্ষীক খবৰ দিয়ে। এই তথ্যৰ ভিত্তিত মুখাৰ্জী নগৰ আৰক্ষী থানাৰ দলটোৱে সন্দেহযুক্ত লোক দুজনক জেৰা কৰে। তদন্তত প্ৰকাশ পাইছে যে তেওঁলোক আন তিনিজন বাংলাদেশীৰ সৈতে ইন্দিৰা বিকাশ কলনীৰ এটা ভাড়াঘৰত বাস কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে পাঁচোজনক গ্ৰেপ্তাৰ কৰে।

জেৰাত জানিব পৰা মতে আটাইকেইজন অভিযুক্তই বিভিন্ন সময়ত বিমানযোগে বাংলাদেশৰ পৰা দিল্লীলৈ আহিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল গ্ৰীচত কৰ্মসংস্থাপন বিচৰা। খবৰ আহিছিল যে তেওঁলোকে গ্ৰীচত চাকৰিৰ সাক্ষাৎকাৰৰ ফোন আৰু অফাৰৰ বাবে অপেক্ষা কৰি আছিল। ২০২৫ চনৰ ডিচেম্বৰৰ পৰা দিল্লীত বাস কৰিছিল যদিও এই সময়ছোৱাত তেওঁলোকৰ ভিছাৰ ম্যাদ উকলি গৈছিল। ইয়াৰ পিছতো তেওঁলোকে ভাৰতত অবৈধভাৱে বাস কৰিছিল। ধৃত বাংলাদেশী নাগৰিকৰ ভিতৰত আছে ৰহমত উল্লাহ (২৩), মহম্মদ আশ্ৰাফুল (২৩), ছলমান ভূঞা (২৫), মহম্মদ ৰেচেল (৩৭), আৰু মহম্মদ ৰহিম মিঞা (৩৩)।

তদন্তত এই কথাও পোহৰলৈ আহিছে যে দিল্লীত উপস্থিত হোৱাৰ পিছত তেওঁলোকে বিভিন্ন হোটেলত থাকিছিল। পিছত পশ্চিম বংগৰ মালদাৰ নিবাসী গণপতি বিশ্বাসৰ সহায়ত ইন্দিৰা বিকাশ কলনীত এটা ঘৰ ভাড়াত লৈছিল। আৰক্ষীয়ে এতিয়া গণপতি বিশ্বাসক বিচাৰি তেওঁৰ ভূমিকাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী বিষয়াসকলে উল্লেখ কৰে যে পাঁচোজনৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত এফ আৰ আৰ অ’ৰ জৰিয়তে বাংলাদেশলৈ বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উত্তৰ-পশ্চিম জিলা আৰক্ষীৰ অভিযান অব্যাহত থাকিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande