চোৰাং কাঠ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত পৰ্বতঝোৰাত বিপিএফ নেতা আবুল শ্বেইখক আটক
কোকৰাঝাৰ, ২৯ মে (হি.স.)। বডোলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)ৰ কেন্দ্ৰীয় সংগঠনিক সম্পাদক তথা জালাবিলা ভিচিডিচিৰ অধ্যক্ষ আবুল শ্বেইখক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰাৰ ঘটনাই পৰ্বতঝোৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি, খোৰাঘাটস্থিত নিজ বাসগৃহৰ পৰা কাল
চোৰাং কাঠ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত পৰ্বতঝোৰাত বিপিএফ নেতা আবুল শ্বেইখক আটক


কোকৰাঝাৰ, ২৯ মে (হি.স.)। বডোলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)ৰ কেন্দ্ৰীয় সংগঠনিক সম্পাদক তথা জালাবিলা ভিচিডিচিৰ অধ্যক্ষ আবুল শ্বেইখক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰাৰ ঘটনাই পৰ্বতঝোৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি, খোৰাঘাটস্থিত নিজ বাসগৃহৰ পৰা কালি নিশা আৰক্ষীয়ে আবুল শ্বেইখক আটক কৰে। চোৰাং কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে এই অভিযান চলাই নেতা গৰাকীক নিজৰ জিম্মালৈ লয়।আটক কৰাৰ পিছতে আৰক্ষীয়ে তেওঁক অধিক জেৰা আৰু তদন্তৰ উদ্দেশ্যে কোকৰাঝাৰলৈ লৈ যায়। ঘটনাটোৰ সৈতে জড়িত বিভিন্ন দিশত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, আবুল শ্বেইখ বিপিএফ দলৰ এজন সক্ৰিয় কেন্দ্ৰীয় নেতা হিচাপে পৰিচিত। তেওঁৰ আটকক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চৰ্চা চলিছে। অৱশ্যে আৰক্ষীয়ে বৰ্তমানলৈকে ঘটনাটোৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে বিস্তৃত তথ্য প্ৰকাশ কৰা নাই।তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত ঘটনাটোৰ অধিক তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande