ঘগ্রাপাৰ বিলপাৰত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু
ঘগ্রাপাৰ বিলপাৰত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু।
ঘগ্রাপাৰ বিলপাৰত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু


নলবাৰী, ২৯ মে’ (হি.স.): নলবাৰী জিলাৰ ঘগ্রাপাৰ বিলপাৰত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয় । আজি পুৱা তীব্রবেগী চাৰিচকীয়া বাহনে মহতিয়াই পলাই যোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজসকলেয়ে । নলবাৰী জিলাৰ ঘগ্রাপাৰ বিলপাৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।

বিলপাৰ আমৰতল চ'কৰ সমীপত পুৱা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত যুৱকৰ থিতাতে মৃত্যু হয়। স্থানীয় ৰাইজে পথৰ দাতিত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা প্রত্যক্ষ কৰি স্থানীয় ঘগ্ৰাপাৰ আৰক্ষী খৱৰ দিয়ে । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে । মৃত যুৱকজন নলবাৰী জিলাৰ ঘগ্রাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ ৰাজেন ডেকাৰ পুত্র কাৰ্তিক ডেকা (২৮) বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande